আদানী এয়াৰপৰ্টছ আৰু আই এইচ চি এলে ২,০০০তকৈও অধিক কোঠাযুক্ত আঠখন হোটেলৰ বাবে এক বহু হোটেল চুক্তিৰ কথা ঘোষণা কৰিছে।
- প্ৰধান বিমান বন্দৰসমূহৰ আশে-পাশে আতিথ্য আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মুম্বাই, আহমেদাবাদ, লক্ষ্ণৌ আৰু গুৱাহাটীত এই হোটেলসমূহ নিৰ্মাণ কৰা হ’ব।
- হোটেলসমূহত আই এইচ চি এলৰ প্ৰখ্যাত ব্ৰেণ্ড যেনে- তাজ, ভিভান্তা, গেটৱে আৰু জিঞ্জাৰ অন্তৰ্ভুক্ত হ’ব। হোটেলসমূহে বিলাসী আৰু উচ্চমানৰ পৰা মধ্যম খণ্ডৰ গ্ৰাহকসকললৈকে আৱশ্যকীয় সুবিধা আগবঢ়াব।
- এই অংশীদাৰিত্বই বিমান পৰিবহন, আতিথ্য, খুচুৰা ব্যৱসায়, বাণিজ্যিক আৰু জীৱনশৈলীগত আন্তঃগাঁথনিক একেলগ কৰি এক সংহত বিমান বন্দৰ পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত আদানী এয়াৰপৰ্টছৰ দূৰদৃষ্টিক আৰু এখোজ আগুৱাই লৈ যাব।
ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বিমান বন্দৰ পৰিচালন সংস্থা আদানী এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেড আৰু দেশৰ সৰ্ববৃহৎ আতিথ্য খণ্ডৰ প্ৰতিষ্ঠান দি ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডে আজি এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰিছে। এই বৃহৎ বহু-হোটেল পৰিচালনা চুক্তিৰ অধীনত মুম্বাই, আহমেদাবাদ, লক্ষ্ণৌ আৰু গুৱাহাটীত মুঠ ২,০০০ তকৈও অধিক কোঠা সংলগ্ন ৮ খন অত্যাধুনিক হোটেল নিৰ্মাণ কৰা হ’ব।
এই হোটেলসমূহ ক্ৰমে তাজ, ভিভান্তা, গেটৱে আৰু জিঞ্জাৰ ব্ৰেণ্ডৰ অধীনত পৰিচালিত হ’ব। ইয়াৰ ফলত ব্যৱসায়ী, ভ্ৰমণকাৰী আৰু পৰিবহনৰ মধ্যৱৰ্তী সময়ত যাত্ৰীসকলে নিজৰ পছন্দ অনুসৰি সুকীয়া আৰু উচ্চমানৰ আতিথ্যৰ সুন্দৰ অভিজ্ঞতা লাভ কৰিব। এই চুক্তি অনুসৰি আদানী এয়াৰপোৰ্টছে হোটেলসমূহ নিৰ্মাণ কৰিব আৰু আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডে নিজা নিজা বিভিন্ন ব্ৰেণ্ডৰ অধীনত এইসমূহ পৰিচালনা কৰিব। ইয়াৰ জৰিয়তে দেশৰ প্ৰধান বিমান প্ৰৱেশদ্বাৰসমূহৰ সমীপত পৰ্যটকসকলৰ বাবে বিশ্বমানৰ সৰ্বোত্তম আতিথ্য সেৱাৰ দিশত এক নতুন অধ্যায়ৰ সূচনা হ’ব।
আদানী এয়াৰপোৰ্টছে সাতখন ৰাজ্যৰ আঠটা বিমান বন্দৰৰ অধীনত ৬৬৫ একৰতকৈও অধিক ভূমি খণ্ডৰ উন্নয়ন সাধন কৰিবলৈ আদানী এয়াৰপোৰ্ট চিটি লিমিটেড গঠন কৰিছে। ইয়াৰ ভিতৰত কেৱল মুম্বাই আৰু নবী মুম্বাইতে প্ৰায় ৪৪০ একৰ ভূমি অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথম পৰ্যায়ত আদানী এয়াৰপোৰ্ট চিটিয়ে মুম্বাই, নবী মুম্বাই, আহমেদাবাদ, লক্ষ্ণৌ, জয়পুৰ আৰু গুৱাহাটীত প্ৰায় ২২ নিযুত বৰ্গফুট এলেকা জুৰি উন্নয়নমূলক কাম কৰাৰ বাবে ২০,০০০ কোটিতকৈও অধিক টকা বিনিয়োগ কৰিব।
আদানী এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেডৰ সঞ্চালক জিত আদানীয়ে উল্লেখ কৰে যে “সমগ্ৰ বিশ্বতে আগশাৰীৰ বিমান বন্দৰসমূহ এতিয়া এনে কিছুমান সংহত গন্তব্যস্থানলৈ ৰূপান্তৰ হৈছে যিবোৰে বাণিজ্য, পৰ্যটন আৰু চহৰীয়া উন্নয়নৰ ক্ষেত্ৰত এক অনুঘটক হিচাপে কাম কৰিছে। আই এইচ চি এলৰ সৈতে আমাৰ অংশীদাৰিত্ব এই যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে আমাৰ আতিথ্য-কেন্দ্ৰিক সংমিশ্ৰিত ব্যৱহাৰৰ অঞ্চলসমূহ আৰু ভাৰতৰ আগশাৰীৰ আতিথ্য প্ৰতিষ্ঠানখন একগোট হৈছে। যাৰ ফলত মুখ্য বিমান চহৰসমূহত তাজৰ দৰে প্ৰতিষ্ঠিত ব্ৰেণ্ডসহ বিশ্বমানৰ হোটেল গঢ়ি উঠিব।এ আমি একেলগে এয়াৰপোৰ্ট চিটি উন্নয়নৰ ভিতৰত আতিথ্যৰ পৰিৱেশ তন্ত্ৰক অধিক শক্তিশালী কৰা আৰু আমাৰ সেৱাভুক্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক প্ৰগতিত অৱদান যোগোৱাৰ লক্ষ্য লৈ আগবাঢ়িছো।”
তেওঁ লগতে কয়, “আদানী এয়াৰপোৰ্টছত আমাৰ লক্ষ্য কেৱল বিমান বন্দৰ পৰিচালনাতে সীমাবদ্ধ নহয়। বৰঞ্চ আমি গঢ়ি তুলিব বিচৰা সক্ৰিয় এয়াৰপোৰ্ট চিটিসমূহে আতিথ্য, ব্যৱসায়, খুচুৰা বাণিজ্য আৰু আমোদ-প্ৰমোদক একেলগ কৰাৰ লগতে যাত্ৰী আৰু পৰ্যটকসকলৰ সামগ্ৰিক অভিজ্ঞতা অধিক উন্নত কৰিব।”
এই চুক্তিৰ অধীনত তিনিখন তাজ, দুখন ভিভান্তা, এখন গেটৱে আৰু দুখন জিঞ্জাৰ হোটেল অন্তৰ্ভুক্ত হৈছে। যি বিভিন্ন শ্ৰেণীৰ ভ্ৰমণকাৰীসকলৰ বাবে উচ্চমানৰ আতিথ্য সেৱা আগবঢ়াব। মুম্বাই বিমান বন্দৰৰ টাৰ্মিনেল ২ত এখন অভিজাত তাজ হোটেল, লক্ষ্ণৌত এখন ভিভান্তা, এখন জিঞ্জাৰ হোটেল স্থাপন কৰা হ’ব। আহমেদাবাদত নিৰ্মাণ কাৰ্যৰ অন্তিম পৰ্যায়ত থকা এখন তাজ আৰু এখন ভিভান্তা হোটেল অন্তৰ্ভুক্ত হ’ব। আনহাতে গুৱাহাটীত এখন তাজ, এখন গেটৱে আৰু এখন জিঞ্জাৰ হোটেল গঢ়ি তোলা হ’ব। এই মুখ্য বিমান বন্দৰসমূহৰ সমীপত ২,০০০ তকৈও অধিক কোঠাবিশিষ্ট এই আঠখন হোটেল থকা, ভোজনশালা, সভা, অনুষ্ঠান, সৰ্বাংগীণ সুস্থতা তথা মনোৰঞ্জনমূলক সা-সুবিধাৰ এক পূৰ্ণ সমাহাৰ হৈ পৰিব।
আই এইচ চি এলৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া পুনীত ছাতৱালে মন্তব্য কৰে যে, “ভাৰতে বিশ্বৰ অন্যতম দ্ৰুতবেগী বিমান পৰিবহণ বজাৰ হিচাপে নিজৰ অৱস্থান সুদৃঢ় কৰাৰ সমান্তৰালভাৱে বিমান বন্দৰকেন্দ্ৰিক উন্নয়নসমূহ গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু আতিথ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে। আদানী এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেডৰ সৈতে আমাৰ এই অংশীদাৰিত্বই ভাৰতৰ ভ্ৰমণ আৰু পৰ্যটন খণ্ডক শক্তিশালী কৰাৰ এক উমৈহতীয়া লক্ষ্যৰে দেশৰ দুখন আগশাৰীৰ প্ৰতিষ্ঠানক একগোট কৰিছে।”
তেওঁ লগতে কয়, “ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান বন্দৰসমূহত আই এইচ চি এলৰ অগ্ৰণী বহু-ব্ৰেণ্ড সন্মিলিত উপস্থিতি অধিক শক্তিশালী কৰি এই সহযোগিতাত তিনিখন তাজ, দুখন ভিভান্তা, এখন গেটৱে আৰু দুখন জিঞ্জাৰ হোটেল অন্তৰ্ভুক্ত কৰা হ’ব। যিসমূহে বিভিন্ন শ্ৰেণীৰ ব্যৱসায়ী আৰু ভ্ৰমণকাৰীসকলৰ বৈচিত্ৰ্যময় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব। এই নতুন সংযোজনৰ সৈতে ভাৰতৰ মুখ্য বিমান বন্দৰসমূহত আই এইচ চি এলৰ বিভিন্ন ব্ৰেণ্ডৰ মুঠ ২৫ খন হোটেল হ’বগৈ।”
আই এইচ চি এলৰ সৈতে এই অংশীদাৰিত্বই বিমান বন্দৰসমূহৰ সমীপত আতিথ্য-কেন্দ্ৰিক, সংহত আৰু সংমিশ্ৰিত ব্যৱহাৰৰ অঞ্চল গঢ়ি তোলাৰ লগতে সেইসমূহক নিজ নিজ চহৰৰ সৈতে সুন্দৰভাৱে সংযোগ কৰাৰ ক্ষেত্ৰত আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ ৰণনীতিক অধিক শক্তিশালী কৰি তুলিছে। এই নতুন সংযোজনৰ সৈতে আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডে এতিয়ালৈকে ভাৰতৰ মুখ্য বিমান বন্দৰসমূহত মুঠ ১৫খন হোটেলৰ বাবে আগশাৰীৰ হোটেল ব্ৰেণ্ডসমূহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে। যাতায়াত, পৰ্যটন আৰু ব্যৱসায়িক ভ্ৰমণ বৃদ্ধিয়ে বিমান বন্দৰকেন্দ্ৰিক এলেকাসমূহৰ ভূমিকাক অধিক সুদৃঢ় কৰি তোলাৰ বাবে এই অংশীদাৰিত্বই মুখ্য বিমান প্ৰৱেশদ্বাৰসমূহৰ সমীপত আতিথ্য আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ ঘটাব। এই এয়াৰপোৰ্ট চিটিসমূহে সংশ্লিষ্ট চহৰসমূহৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত গুৰুত্বপূৰ্ণ অৱদান যোগাব আৰু বিমান বন্দৰ ব্যৱহাৰকাৰীসকলৰ সামগ্ৰিক অনুভৱ অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে।
আদানী এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেডৰ চমু আভাসঃ
আদানী এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেড ভাৰতৰ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত পৰিচালিত বিমান বন্দৰসমূহৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৱে উদ্ভাৱনীমূলক, পৰিৱেশ অনুকূল আৰু গ্ৰাহকে পচন্দ কৰা কাৰ্যপন্থাৰ জৰিয়তে দেশৰ বিমান পৰিবহণ খণ্ডৰ এক বৈপ্লৱিক ৰূপান্তৰ সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ কাম কৰি আহিছে। আদানী এয়াৰপোৰ্টছ হৈছে আদানী গ্ৰুপৰ প্ৰধান প্ৰতিষ্ঠান আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ এক অংগ। যাৰ মূল লক্ষ্য আন্তঃগাঁথনি আৰু পৰিবহণ খণ্ডত বিশ্বৰ এক অগ্ৰণী সংহত শক্তি হিচাপে আত্মপ্ৰকাশ কৰা। বৰ্তমান আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডে মুম্বাই, আহমেদাবাদ, লক্ষ্ণৌ, মাংগলোৰ, জয়পুৰ, গুৱাহাটী, তিৰুৱনন্তপুৰম আৰু সদ্য নিৰ্মিত নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰকে ধৰি মুঠ আঠটা বিমান বন্দৰ সফলতাৰে পৰিচালনা কৰি আহিছে।
যাত্ৰীসকলক বিশ্বমানৰ সৰ্বোত্তম অভিজ্ঞতা প্ৰদান কৰা, বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰা আৰু দেশৰ অৰ্থনৈতিক প্ৰগতিত ক্ষিপ্ৰতা অনাৰ বাবে আদানি এয়াৰপৰ্ট হোল্ডিংছ লিমিটেড চিৰঅগ্ৰণী। কাৰ্যকাৰী দক্ষতা, প্ৰযুক্তিৰ ব্যৱহাৰ আৰুh অংশীদাৰীসকলৰ সহযোগিতাক অগ্ৰাধিকাৰেৰে আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডে বিমান যাত্ৰাৰ ভৱিষ্যতক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে বিশ্বৰ বিমান পৰিবহণ খণ্ডত ভাৰতৰ সুনাম বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। ভাৰতত বিমান বন্দৰক কেন্দ্ৰ কৰি গঢ়ি উঠা চহৰীয়া উন্নয়নৰ ধাৰণাটোক এক নতুন ৰূপ দিয়াৰ বাবে আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ দূৰদৰ্শিতাৰ শলাগ ল’ব লাগিব। ইয়াৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে বিমান বন্দৰসমূহৰ আশে-পাশে থকা অঞ্চল সমূহত সংহত আৰু আতিথ্য কেন্দ্ৰিক এয়াৰপোৰ্ট চিটি গঢ়ি তুলিছে। এই চিটিসমূহত একে ঠাইতে হোটেল, খুচুৰা ব্যৱসায়, মনোৰঞ্জন, বাণিজ্য আৰু আধুনিক জীৱনশৈলীৰ সকলো সা-সুবিধা উপলব্ধ হ’ব।
দি ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ বিষয়েঃ-
দি ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড আৰু ইয়াৰ সহযোগী ব্যৱসায়িক গোষ্ঠীসমূহে সংলগ্ন কৰা ব্ৰেণ্ড আৰু ব্যৱসায় ভাৰতীয়সকলৰ পৰম্পৰাগত আন্তৰিক আতিথ্য আৰু বিশ্বমানৰ উৎকৃষ্ট সেৱাৰ অপূৰ্ব সংমিশ্ৰণ। ইয়াৰ অন্তৰ্ভুক্ত মুখ্য ব্ৰেণ্ডসমূহ হৈছে –
তাজঃ অভিজাত শ্ৰেণীৰ পৰ্যটকসকলৰ প্ৰথম পচন্দৰ এই ব্ৰেণ্ডটোক ‘ব্ৰেণ্ড ফাইনেন্স’ৰ সমীক্ষাত ২০২৬ চনৰ বিশ্বৰ আটাইতকৈ শক্তিশালী বিলাসী হোটেল ব্ৰেণ্ড আৰু ভাৰতৰ আটাইতকৈ শক্তিশালী ব্ৰেণ্ডৰূপে স্বীকৃতি দিয়া হৈছে।
ক্লেৰিজেছ কালেকচনঃ ঐতিহাসিক ঐতিহ্য আৰু উচ্চ আধুনিক ৰুচিবোধেৰে পৰিপূৰ্ণ এক সুনিৰ্বাচিত বিলাসী হোটেলৰ শৃংখল।
- ব্ৰিজঃ ব্যতিক্ৰমী অভিজ্ঞতাপূৰ্ণ আমোদ-প্ৰমোদ আৰু অৱসৰৰ এক অনবদ্য সংযোজন।
- আত্মন্তনঃ দেশৰ অন্যতম অগ্ৰণী সামগ্ৰিক সুস্বাস্থ্য আৰু মানসিক প্ৰশান্তিৰ এক অনবদ্য কেন্দ্ৰস্থল।
- চিলেকশ্বনছঃ বিশেষভাৱে নিৰ্বাচিত আৰু সুকীয়া পৰিচয়যুক্ত হোটেলসমূহৰ এক আকৰ্ষণীয় শৃংখল।
- গেটৱেঃ ব্যতিক্ৰমী গন্তব্যস্থানসমূহৰ অনাবিল আনন্দ উপভোগ কৰিব পৰা সৰ্বাংগীণ সেৱাযুক্ত হোটেল।
- ভিভান্তাঃ সমসাময়িক শৈলীৰ আৰু উচ্চমানৰ সা-সুবিধাসম্পন্ন বিলাসী হোটেল।
- ট্ৰী অৱ লাইফঃ কোলাহলমুক্ত প্ৰাকৃতিক পৰিৱেশৰ বুকুত একান্তই ব্যক্তিগত জিৰণিৰ বাবে সজা বিশেষ জিৰণি স্থান।
- জিঞ্জাৰঃ মিতব্যয়ী তথা মজলীয়া বাজেটৰ অতিথিশালা খণ্ডত এক নতুন মাত্ৰা প্ৰদান কৰা ব্ৰেণ্ড।
টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেটজী টাটাৰ দ্বাৰা স্থাপিত কোম্পানীটোৱে ১৯০৩ চনত বম্বেত (মুম্বাই) এওঁলোকৰ প্ৰথমখন হোটেল ‘দ্য তাজমহল পেলেচ’ মুকলি কৰিছিল। বৰ্তমান সমগ্ৰ বিশ্বৰ ৪খন মহাদেশ, ১৫খন দেশ আৰু ৩০০তকৈও অধিক স্থানত দি ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ সক্ৰিয় আৰু নিৰ্মীয়মাণ পৰ্যায়ত মুঠ ৬৬০খন হোটেল আছে। বজাৰ মূলধনৰ ফালৰ পৰা দি ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড ভাৰতৰ আতিথ্য খণ্ডৰ সৰ্ববৃহৎ কোম্পানী।
