ৰেড ছিগনেল অমান্য কৰি চলিল ৰে’ল; স্পেইনৰ ভয়ংকৰ দুৰ্ঘটনাৰ আঁৰত কম্পিউটাৰ ব্যৱস্থাৰ বিসংগতি; পৰিবহণ মন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল স্পেইন

স্পেইনৰ ৰে’ল দুৰ্ঘটনাত ৬৮ জনৰ মৃত্যু, আহত ১৮০ৰো অধিক। ছিগনেলিং ব্যৱস্থাৰ বিসংগতি, কম্পিউটাৰৰ ত্ৰুটি নে মানৱীয় ভুল—দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি তদন্ত অব্যাহত।

স্পেইনত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ প্ৰাথমিক তদন্তত ৰে’লৰ ছিগনেলিং ব্যৱস্থাৰ বিসংগতি আৰু কম্পিউটাৰৰ সৈতে যোগাযোগৰ সমস্যাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। প্ৰাথমিক তথ্য অনুসৰি, ৰঙা ছিগনেলৰ বাবে এখন দ্ৰুতবেগী ৰে’ল ৰৈ আছিল। সেই সময়তে পিছফালৰ পৰা আহি থকা আন এখন ৰে’লে ৰৈ থকা ৰে’লখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত দুয়োখন ৰে’লৰ কেইবাটাও দবা লাইনচ্যুত হয়।

বুধবাৰে পুৱা স্পেইনৰ টোলেডো প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৬৮জনলৈ বৃদ্ধি পোৱাৰ লগতে কমেও ১৮০জন লোক আহত হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে। অৱশ্যে, দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। স্পেইনৰ পৰিবহণ মন্ত্ৰী অস্কাৰ পুয়েণ্টেৰ বক্তব্য অনুসৰি, ৰে’লৰ নিৰাপত্তা ব্যৱস্থাত কম্পিউটাৰ যোগাযোগৰ বিসংগতিয়ে এই বিপৰ্যয়ৰ সৃষ্টি কৰাত ভূমিকা পালন কৰিব পাৰে।

স্পেইনৰ ৰে’ল আন্তঃগাঁথনি পৰিচালনা কৰা সংস্থা ADIF-ৰ তথ্য অনুসৰি, বুধবাৰে পুৱা মাদ্ৰিদৰ পৰা ছেভিলৰ দিশে দুখন ৰে’ল গৈ আছিল। ইয়াৰে এখন আছিল ব্যক্তিগত ৰে’ল পৰিচালনা সংস্থা IRYO-ৰ আৰু আনখন আছিল চৰকাৰী ৰে’ল সংস্থা RENFE-ৰ দ্ৰুতবেগী ৰে’ল।

প্ৰাথমিক তথ্য অনুসৰি, ৰে’লপথৰ প্ৰায় ৬৩ কিলোমিটাৰ অংশত ছিগনেলিং ব্যৱস্থাৰ সৈতে কম্পিউটাৰৰ যোগাযোগত সমস্যাৰ সৃষ্টি হৈছিল। সেই সময়ত উক্ত পথত চলাচল কৰি থকা কেইবাখনো ৰে’ল স্বয়ংক্ৰিয়ভাৱে ৰৈ যায়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰে’ল কৰ্মীসকলে হাতেৰে ৰে’ল চলাচল নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।

অভিযোগ অনুসৰি, সেই সময়তে ৰঙা ছিগনেল থকাৰ পাছতো RENFE-ৰ ৰে’লখনক পুনৰ চলাচলৰ অনুমতি দিয়া হৈছিল। পৰিবহণ মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ছিগনেলিং ব্যৱস্থা বিকল হ’লে নিৰাপত্তা বিধি অনুসৰি চালকসকলে অতি সাৱধানতাৰে আৰু কম গতিত ৰে’ল চলাব লাগে। কিন্তু এনে পৰিস্থিতিত ৰে’লখনক কিয় স্বাভাৱিক গতিত চলিবলৈ দিয়া হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত প্ৰায় ২০০ কিলোমিটাৰ আছিল। এই গতিতে আগবাঢ়ি আহি ৰে’লখনে সন্মুখত ৰৈ থকা IRYO-ৰ ৰে’লখনৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰে। সংঘৰ্ষৰ ফলত IRYO-ৰ ৰে’লখনৰ দুটা দবা লাইনচ্যুত হয়। আনহাতে, RENFE-ৰ ৰে’লখনৰ সন্মুখৰ অংশও ৰে’লপথৰ পৰা আঁতৰি যায়।

দুৰ্ঘটনাটোৰ ভয়াৱহতাৰ বৰ্ণনা দিছে RENFE-ৰ ৰে’লখনৰ যাত্ৰী ইগনাচিঅ’ ৰেলানোৱে। স্পেইনৰ চৰকাৰী সম্প্ৰচাৰ সংস্থা TVE-ৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ জনায় যে সংঘৰ্ষৰ ঠিক আগতে ৰে’লখনৰ গতিবেগ হঠাৎ কমি গৈছিল। তাৰ পাছতেই সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ।

ৰেলানোৰ মতে, সংঘৰ্ষৰ প্ৰচণ্ড জোকাৰণিত তেওঁলোকৰ দবাটো এফালে হালি পৰিছিল। তেওঁৰ নাকতো আঘাত লাগে। লাগেজ, ম’বাইল ফোনকে ধৰি দবাটোৰ ভিতৰত থকা বিভিন্ন সামগ্ৰী চাৰিওফালে ছিটিকি পৰে। মুহূৰ্তৰ ভিতৰতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

ৰঙা ছিগনেল থকাৰ পাছতো ৰে’লখনক কেনেকৈ পুনৰ চলাচলৰ অনুমতি দিয়া হ’ল, সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে তদন্তকাৰীসকলে। ছিগনেলিং ব্যৱস্থাৰ বিসংগতি, ৰে’ল নিয়ন্ত্ৰণ কক্ষৰ নিৰ্দেশনা আৰু নিৰাপত্তা বিধি সঠিকভাৱে পালন কৰা হৈছিল নে নাই—সকলো দিশ পৰীক্ষা কৰি থকা হৈছে।

স্পেইনৰ পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে কোনো পক্ষক দুৰ্ঘটনাটোৰ বাবে দায়ী কৰাটো উচিত নহ’ব।

ৰে’ল কৰ্মচাৰীসকলৰ সংগঠন CSIF-য়েও তদন্ত শেষ নোহোৱালৈকে কোনো বিষয়াক দোষাৰোপ নকৰিবলৈ আহ্বান জনাইছে। সংগঠনটোৰ মতে, তদন্তৰ স্বচ্ছতা বজাই ৰখাৰ লগতে সংশ্লিষ্ট কৰ্মচাৰীসকলক নিজৰ পক্ষৰ বক্তব্য দাঙি ধৰাৰ সুযোগ দিয়াটোও অত্যন্ত জৰুৰী।

দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ এতিয়া তদন্তৰ প্ৰতিবেদনলৈ অপেক্ষা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাইলৈ ৰাজ্যজুৰি কলেজ শিক্ষকৰ ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী

ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য দাবীসমূহৰ...

ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, নিহত ১৩, আহত ১০

ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলৰ এটা ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ৰাছিয়াৰ জেট...