বকলীয়াঘাটত কুকুৰৰ প্ৰতি অমানৱীয় আচৰণৰ ঘটনা পোহৰলৈ আহিছে। মুখ আৰু ভৰি নিৰ্মমভাৱে বান্ধি ২৪টা কুকুৰ ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনা সন্দৰ্ভত বিশেষ সূত্ৰে খবৰ লাভ কৰি বকলীয়াঘাট আৰক্ষীয়ে অভিযান চলায়। অভিযানত এখন মাৰুতি ছুইফ্ট বাহনৰ পৰা ২৪টা কুকুৰ উদ্ধাৰ কৰাৰ লগতে নিৰঞ্জন ৰংপি নামৰ এজন যুৱকক আটক কৰে।
ইফালে, উদ্ধাৰ কৰা কুকুৰকেইটাৰ চোৱা-চিতাৰ দায়িত্ব লৈছে UCIF নামৰ NGO এটাই। গৰমত কষ্ট পোৱা কুকুৰকেইটাক বৰ্তমান সংস্থাটোৱে যত্ন লৈ আছে।
জানিব পৰা মতে, গুৱাহাটীৰ পৰা আহিবলগীয়া আন এটা NGOৰ দলে কুকুৰকেইটাক নিৰ্দিষ্ট আশ্ৰয়স্থলীলৈ নিয়াৰ ব্যৱস্থা কৰিব।
কুকুৰকেইটাক কিয় আৰু কি উদ্দেশ্যেৰে সৰবৰাহ কৰা হৈছিল, সেই সন্দৰ্ভত অধিক তথ্য তদন্তৰ পিছতহে স্পষ্ট হ’ব।
