জোনাইত পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা ৩ কণমানি; জৰাজীৰ্ণ পঁজাত অনিশ্চিত ভৱিষ্যৎ

জোনাইৰ ৰাজাখানা গাঁৱৰ এক্স আৰ্মী গাঁৱত পোহৰলৈ আহিছে এক হৃদয়বিদাৰক ঘটনা। তিনি বছৰ পূৰ্বে মাতৃক হেৰুওৱা ৩টা কণমানি শিশুৱে শেহতীয়াকৈ এসপ্তাহ পূৰ্বে পিতৃকো হেৰুওৱাত এতিয়া সম্পূৰ্ণৰূপে নিঠৰুৱা হৈ পৰিছে। পিতৃ-মাতৃৰ মৰম-স্নেহৰ পৰা বঞ্চিত শিশুকেইটাৰ ভৱিষ্যৎক লৈ এতিয়া গভীৰ অনিশ্চয়তাই দেখা দিছে।

যি বয়সত পিতৃ-মাতৃৰ মৰমৰ মাজত হাঁহি-ধেমালিৰে জীৱন অতিবাহিত কৰাৰ কথা, সেই বয়সতে জীৱনৰ কঠিন বাস্তৱৰ সন্মুখীন হ’বলগীয়া হৈছে কণমানিকেইটাই। জীৱনৰ প্ৰতিটো খোজতে সাহস আৰু নিৰাপত্তা দিবলৈ এতিয়া কাষত নাই পিতৃ-মাতৃ। ফলত এক অনিশ্চিত ভৱিষ্যতক সাৰথি কৰিয়েই দিন পাৰ কৰিবলগীয়া হৈছে তেওঁলোকৰ।

জানিব পৰা মতে, জৰাজীৰ্ণ পঁজাতে অতি দুখ-কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছে শিশুকেইটাই। শুবলৈ নাই উপযুক্ত বিচনা, শীতৰ পৰা পৰিত্ৰাণ পাবলৈ নাই পৰ্যাপ্ত কাপোৰ-কানি। আনকি খাদ্য আৰু খোৱাপানীৰ দৰে ন্যূনতম প্ৰয়োজনীয় সামগ্ৰীৰো অভাৱত ভুগিবলগীয়া হৈছে তেওঁলোক। জহি-খহি যাবলৈ ধৰা ঘৰখনেই এতিয়া কণমানিকেইটাৰ একমাত্ৰ আশ্ৰয়স্থল।

এনে দুৰৱস্থাৰ মাজতে গাঁওখনৰ একাংশ হৃদয়ৱান স্থানীয় লোকে শিশুকেইটাৰ খবৰ লৈ আহিছে। নিজৰ সামৰ্থ্য অনুসৰি সহায়ৰ হাতো আগবঢ়াইছে তেওঁলোকে। অৱশ্যে পৰিয়ালটোৱে এতিয়ালৈকে কোনো চৰকাৰী সাহায্য লাভ কৰা নাই বুলি জানিব পৰা গৈছে। প্ৰয়োজনীয় নথি-পত্ৰৰ অভাৱেও চৰকাৰী সাহায্য লাভৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে।

পিতৃ-মাতৃক হেৰুওৱাৰ পাছত শিশুকেইটাৰ নিৰাপত্তা, খাদ্য, বাসস্থান আৰু শিক্ষাৰ ব্যৱস্থা কৰাটো এতিয়া অত্যন্ত জৰুৰী হৈ পৰিছে। জীৱনৰ আৰম্ভণিতে এনে কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা কণমানিকেইটাৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে সচেতন মহলে।

ইফালে, চৰকাৰ, প্ৰশাসন আৰু সমাজৰ হৃদয়ৱান লোকসকলক শিশুকেইটাৰ কাষত থিয় দিবলৈ আহ্বান জনাইছে একাংশ স্থানীয় ৰাইজে। প্ৰয়োজনীয় চৰকাৰী সাহায্য, নিৰাপদ বাসস্থান, খাদ্য আৰু পঢ়া-শুনাৰ সুবিধা নিশ্চিত কৰাৰ লগতে শিশুকেইটাৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে সংশ্লিষ্ট বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাবাদী স্থানীয় ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...

বৰপথাৰ ধৰ্ষণ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি, অভিযুক্তক আদালতলৈ নিয়াৰ পূৰ্বে উত্তম-মধ্যম লাংঠা গাঁৱৰ ৰাইজৰ

বৰপথাৰত এগৰাকী বৃদ্ধা মহিলাৰ ধৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত...