ওলায়ে আছে গুৱাহাটীৰ ঘাতক ঘনকান্তৰ অপৰাধৰ আখ্যান, ধুৰন্ধৰ ঠগ–প্ৰৱঞ্চক বুলি কুখ্যাতি আছে ঘনকান্ত গগৈৰ; পূৰ্বৰ পত্নী-কন্যাক এৰি নাগালেণ্ডত দ্বিতীয় বিবাহৰ অভিযোগ ঘনকান্তৰ বিৰুদ্ধে

গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ অতীতৰ বিভিন্ন অভিযোগক লৈ পোহৰলৈ আহিছে নতুন তথ্য। ঘনকান্তৰ বিৰুদ্ধে পূৰ্বেও একাধিক অপৰাধজনিত ঘটনা আৰু প্ৰৱঞ্চনাৰ অভিযোগত গোচৰ ৰুজু হৈ থকাৰ কথা জানিব পৰা গৈছে।

তথ্য অনুসৰি, ২০২৪ চনৰ ১২ জুনত ঘনকান্ত গগৈৰ বিৰুদ্ধে যোৰহাটৰ পুলিবৰ থানাত এটা গোচৰ ৰুজু হৈছিল। নিজকে পুলিবৰৰ বাসিন্দা বুলি পৰিচয় দি এখন ব্যৱসায়িক প্ৰতিষ্ঠান দখলৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে। সেই সময়ত কেইবাজনো লোকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপিত হৈছিল।

আক্ৰমণত বাধা দিবলৈ আগবাঢ়ি অহা স্থানীয় যুৱকে ঘনকান্তৰ বাহনত এটা পিষ্টল প্ৰত্যক্ষ কৰা বুলি অভিযোগ কৰিছে। এই ঘটনাৰ পিছতে স্থানীয় যুৱকে তেওঁৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল।

আনহাতে, ঘনকান্ত গগৈৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ জয়পুৰ থানা আৰু অৰুণাচল প্ৰদেশৰ দেওমালী তথা খুনছা থানাতো গোচৰ ৰুজু হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। পূৰ্বে নিজকে অৰুণাচল প্ৰদেশৰ আৰক্ষী বিষয়া বুলি পৰিচয় দি ঠগ-প্ৰৱঞ্চনা কৰাৰো অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। যোৰহাটৰ পুলিবৰ থানাতো একাধিক লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে।

ঘনকান্তৰ ঠিকনা সন্দৰ্ভতো বিভিন্ন তথ্য পোহৰলৈ আহিছে। তেওঁৰ প্ৰকৃত ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰৰ লেবাংকোলাত বুলি উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি শিৱসাগৰ আৰু ডিব্ৰুগড় চহৰতো তেওঁৰ আছে ভুৱা ঠিকনা।

আন এক গুৰুত্বপূৰ্ণ তথ্য অনুসৰি, গুৱাহাটীৰ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটোৰ অনুজ্ঞাপত্ৰ নাগালেণ্ডৰ বুলি জানিব পৰা গৈছে। আনহাতে, ঘনকান্তৰ বাহনত প্ৰেছৰ ষ্টিকাৰ থকাৰ কথাও পোহৰলৈ আহিছে। কিয় ঘনকান্তই গাড়ীত ব্যৱহাৰ কৰিছিল প্ৰেছৰ ষ্টিকাৰ? সেয়াও ৰহস্য।

ইফালে, ঘনকান্ত গগৈৰ ব্যক্তিগত জীৱনক লৈও বিভিন্ন তথ্য প্ৰকাশ পাইছে। অভিযোগ অনুসৰি, জয়পুৰত পত্নী আৰু কন্যাক এৰি নাগালেণ্ডলৈ গুচি গৈছিল তেওঁ। পৰৱৰ্তী সময়ত নাগালেণ্ডত আন এগৰাকী মহিলাক বিবাহ কৰাইছিল অপৰাধী ঘনকান্তই।

গুৱাহাটীৰ হত্যাকাণ্ডৰ তদন্তৰ মাজতে ঘনকান্ত গগৈৰ বিৰুদ্ধে পূৰ্বে উত্থাপিত অভিযোগ আৰু বিভিন্ন থানাত ৰুজু হোৱা গোচৰসমূহে বিশেষ চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী চাফাৰী

শীঘ্ৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ব হাতী...

চন্দ্ৰৰ দক্ষিণ মেৰুৰ বাহিৰেও আন ৪ স্থানত মানৱ অভিযানৰ পৰিকল্পনা! মংগল যাত্ৰাৰ পথো হ’ব সুগম

চন্দ্ৰৰ অজানা ৰহস্য উদ্ঘাটনৰ নতুন সম্ভাৱনা, চাৰিটা স্থানত গৱেষণাৰ...