অসম সন্তান মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদলৈ উন্নীতকৰণৰ প্ৰস্তাৱ; ৪গৰাকী ন্যায়াধীশৰ নাম প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ

অসম সন্তান ন্যায়াধীশ মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে উন্নীত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে। বৰ্তমান ন্যায়াধীশ পাঠকে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

কলেজিয়ামে ন্যায়াধীশ মানস ৰঞ্জন পাঠকসহ মুঠ চাৰিগৰাকী ন্যায়াধীশক বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে পৰামৰ্শ আগবঢ়াইছে।

এই পৰামৰ্শ অনুসৰি, তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি. ছাম কোশীক দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিৰ প্ৰস্তাৱ দিয়া হৈছে। আনহাতে, কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তপব্ৰত চক্ৰৱৰ্তীক তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুধীৰ সিঙক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

উল্লেখ্য যে, এই নিযুক্তিসমূহৰ সন্দৰ্ভত কলেজিয়ামৰ প্ৰস্তাৱসমূহ কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিক অনুমোদনৰ বাবে আইন আৰু ন্যায় মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতহে এই নিযুক্তিসমূহৰ চূড়ান্ত প্ৰক্ৰিয়া সম্পন্ন হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চন্দ্ৰৰ দক্ষিণ মেৰুৰ বাহিৰেও আন ৪ স্থানত মানৱ অভিযানৰ পৰিকল্পনা! মংগল যাত্ৰাৰ পথো হ’ব সুগম

চন্দ্ৰৰ অজানা ৰহস্য উদ্ঘাটনৰ নতুন সম্ভাৱনা, চাৰিটা স্থানত গৱেষণাৰ...

মুখ্যমন্ত্ৰীৰ বাসগৃহ অভিমুখে ১২ হাজাৰ কৃষক; বিলাসী বাহনেৰে সমদল কৰি ৰাওনা প্ৰতিবাদী কৃষক

মহাৰাষ্ট্ৰত কৃষকৰ ঋণ ৰেহাই, খৰাঙৰ ক্ষতিপূৰণ আৰু শস্য বীমাৰ...