গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস-ইনত সংঘটিত পাঁচজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক লৈ এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ চৰ্চালৈ আহিছে ঘনকান্তৰ ডিব্ৰুগড়ৰ ঠিকনা, বেংকৰ ঋণ, ফাইনেন্স কোম্পানীৰ ধন আৰু মাটিৰ দালালিৰ সৈতে জড়িত থকাৰ অভিযোগ। ডিব্ৰুগড়ৰ কুমাৰনিচিগাত ঘনকান্তৰ নামত উল্লেখ কৰা ঠিকনাত কোনো নিজা বা ভাড়াঘৰ নাই বুলি স্থানীয় লোকৰ দাবী। আনকি বিভিন্ন ধনৰ লেনদেনৰ বাবে তেওঁক বিচাৰি বহু লোক সেই ঠিকনালৈ আহে যদিও ঘনকান্তক বিচাৰি নাপায় বুলিও জানিবলৈ দিছে স্থানীয় লোকে।
স্থানীয় লোকৰ ভাষ্য অনুসৰি, ডিব্ৰুগড়ৰ কুমাৰনিচিগাৰ ঠিকনাত ঘনকান্ত গগৈৰ কোনো নিজা বা ভাড়াঘৰ নাই। বেংকৰ ঋণৰ ধন, ফাইনেন্স কোম্পানীৰ পাওনা আৰু মাটিৰ লেনদেনৰ ধন বিচাৰি বিভিন্ন লোক সেই ঠিকনালৈ সঘনাই অহি উভতি যাব লগা হয় বুলি দাবী স্থানীয় লোকৰ। স্থানীয় একাংশৰ অভিযোগ, ঘনকান্তই প্ৰৱঞ্চনাৰ জৰিয়তে বহু লোকৰ ধন হৰলুকি কৰিছিল।
আনহাতে, স্থানীয় লোকৰ মতে, ডিব্ৰুগড়ৰ বৰবৰুৱাৰ নহেজাৰ গাঁৱত ঘনকান্তৰ বায়েকৰ ঘৰ হে আছে।
ডিব্ৰুগড়ৰ ঠিকনাক লৈ চৰ্চা চলাৰ মাজতে গুৱাহাটী মহানগৰীত ঘনকান্তৰ বাসস্থানৰ তথ্যও পোহৰলৈ আহিছে। জানিব পৰা মতে, সাওকুছিৰ মীনাৰাম বড়ো পথত হকী ষ্টেডিয়ামৰ সমীপত এটা ভাড়াঘৰত পৰিয়ালসহ বাস কৰিছিল ঘনকান্ত গগৈয়ে। প্ৰায় এবছৰ ধৰি তেওঁ তাত বাস কৰি অহা বুলি জানিব পৰা গৈছে।
ঘটনাৰ নিশা প্ৰায় ১১ বজাত ঘনকান্তৰ পৰিয়ালটো ভাড়াঘৰৰ পৰা ওলাই যোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।
ঘনকান্ত গগৈৰ এখন বগা ৰঙৰ টাটা হেৰিয়াৰ বাহনৰ তথ্যও চৰ্চালৈ আহিছে। বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 01 FL 8779 বুলি জানিব পৰা গৈছে। বাহনখনত ‘PRESS’ লিখা থকা বুলি প্ৰকাশ পাইছে।
বাহনখনৰ ব্যৱহাৰ, ‘PRESS’ লিখাৰ ভিত্তি আৰু ইয়াৰ সৈতে ঘনকান্তৰ কোনো সংবাদমাধ্যমৰ সম্পৰ্ক আছে নেকি, সেই বিষয়ে নিশ্চিত তথ্য উপলব্ধ হোৱা নাই।
হোটেল বিলাস-ইনৰ হত্যাকাণ্ডৰ পিছৰে পৰা মূল অভিযুক্ত ঘনকান্ত গগৈক পল্টন বজাৰ আৰক্ষী থানাত জেৰা অব্যাহত আছে। আৰক্ষীয়ে হত্যাকাণ্ডৰ আঁৰৰ কাৰণ, ব্যৱসায়িক সংঘাত আৰু অভিযুক্তৰ পূৰ্বৰ কাৰ্যকলাপৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে।
ঘনকান্ত গগৈয়ে নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ থকা .৩২ ব’ৰৰ পিষ্টলেৰে গুলীচালনা কৰা বুলি জানিব পৰা গৈছে। হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালীক প্ৰথমে শূন্য দূৰত্বৰ পৰা গুলীয়াইছিল বুলি অভিযোগ উঠিছে। এই ঘটনাত হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি ভৰালী, বোৱাৰী ৰিণিকা কাশ্যপ ভৰালী, ভাতৃ ভূদেৱ ভৰালী আৰু ভূদেৱ ভৰালীৰ কেয়াৰটেকাৰ নাৰায়ণ দাসে প্ৰাণ হেৰুৱায়। আন এজন লোক সত্যেন্দ্ৰ পাঠক আহত হৈ চিকিৎসাধীন হৈ আছে।
পাঁচজনকৈ লোকৰ মৃত্যুৰে জড়িত গোচৰটোৰ অভিযুক্ত ঘনকান্ত গগৈয়ে আৰক্ষী থানাত পুৱাৰ ভাগত অনুতাপৰ সলনি চাহ-বিস্কুটহে বিচাৰে। হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত তেওঁ কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰা নাছিল বুলি দাবী কৰিছে। অৱশ্যে, অভিযুক্তৰ মানসিক অৱস্থা আৰু ঘটনাৰ সময়ৰ পৰিস্থিতি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত তদন্তকাৰী সংস্থাৰ তথ্যৰ ভিত্তিতহে ল’ব পৰা যাব।
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে হোটেলখনৰ লীজ আৰু ধনৰ লেনদেন। জানিব পৰা মতে, ঘনকান্ত গগৈয়ে হোটেল বিলাস-ইনৰ অভ্যন্তৰীণ সজ্জাৰ কামত প্ৰায় ৩৫ লাখ টকা ব্যয় কৰিছিল। প্ৰথম অৱস্থাত এই ধন ভাড়াৰ সৈতে সমন্বয় কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত বিষয়টোক লৈ দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় বুলি প্ৰকাশ পাইছে।
ইফালে, হেলেনা ভৰালীক ঘনকান্তই প্ৰায় সাত মাহ ধৰি ভাড়া দিয়া নাছিল বুলি অভিযোগ উত্থাপন হৈছে। এই ব্যৱসায়িক বিবাদেই হত্যাকাণ্ডৰ কাৰণ নেকি, সেই দিশত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এফালে গুৱাহাটীৰ হোটেলত পাঁচজনকৈ লোকৰ মৃত্যুৰ ঘটনা, আনফালে ডিব্ৰুগড়ৰ ঠিকনা আৰু আৰ্থিক লেনদেনক লৈ উত্থাপিত অভিযোগ—সকলো মিলি ঘনকান্ত গগৈক কেন্দ্ৰ কৰি সৃষ্টি হৈছে একাধিক প্ৰশ্নৰ।
