মহাৰাষ্ট্ৰত কৃষকৰ ঋণ ৰেহাই, খৰাঙৰ ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন আদায়কে ধৰি বিভিন্ন দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ কৃষকে। আজি অখিল ভাৰতীয় কিষাণ সভাৰ নেতৃত্বত ৰাজ্যখনৰ ২০খনতকৈও অধিক জিলাৰ পৰা অহা ১২ হাজাৰৰো অধিক কৃষকে মুম্বাইত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ‘বৰ্ষা’ অভিমুখে বৃহৎ বাহন সমদল আৰম্ভ কৰে। প্ৰতিবাদত ১,০০০ৰো অধিক বাহন অংশগ্ৰহণ কৰা বুলি বাতৰি প্ৰকাশ পাইছে।
কৃষকসকলৰ অভিযোগ অনুসৰি, ৰাজ্যখনৰ খৰাংপীড়িত অঞ্চলসমূহত কৃষিৰ ক্ষতিৰ তুলনাত চৰকাৰৰ পৰা আগবঢ়োৱা আৰ্থিক সাহায্য পৰ্যাপ্ত নহয়। বিশেষকৈ শস্যৰ ক্ষতিপূৰণ, ঋণৰ বোজা আৰু কৃষি বীমাৰ ধন লাভ কৰাত হোৱা পলমে কৃষকসকলক সংকটৰ সন্মুখীন কৰিছে।
কৃষকসকলৰ মূল দাবীসমূহ কি কি?
- কৃষি ঋণ ৰেহাই: নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা কৃষককে ধৰি কৃষকসকলৰ বাবে ২ লাখ টকালৈকে ঋণ ৰেহাই বা বিশেষ সাহায্য প্ৰদান।
- খৰাং সাহায্য বৃদ্ধি: খৰাংপীড়িত অঞ্চলৰ কৃষকসকলক শস্যৰ প্ৰকৃত ক্ষতিৰ ভিত্তিত পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান।
- শস্য বীমাৰ ধন: কৃষকসকলৰ প্ৰাপ্য শস্য বীমাৰ ধন শীঘ্ৰে মুকলি কৰি দিয়া।
- বাকী থকা সাহায্য প্ৰদান: নমো শেতকাৰী সন্মান নিধি আঁচনিৰ বাকী থকা কিস্তিসমূহ আদায় দিয়া।
- ভূমিৰ অধিকাৰ: বনাঞ্চল, দেৱস্থান আৰু অন্যান্য ভূমিত খেতি কৰি জীৱিকা নিৰ্বাহ কৰা কৃষকসকলৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা।
- মহিলাৰ আৰ্থিক সাহায্য: ‘লাড়কী বহিন’ আঁচনিৰ অধীনত বন্ধ হৈ থকা যোগ্য মহিলাসকলৰ আৰ্থিক সাহায্য পুনৰ আৰম্ভ কৰা।
এই দাবীসমূহৰ লগতে কৃষি শ্ৰমিক, অংগনৱাড়ী কৰ্মী, আশা কৰ্মী আৰু নিৰ্মাণ শ্ৰমিকসকলৰ মজুৰি, কৰ্মসংস্থাপন আৰু সামাজিক সুৰক্ষাৰ বিষয়সমূহো প্ৰতিবাদী কাৰ্যসূচীত উত্থাপন কৰা হৈছে।
মহাৰাষ্ট্ৰ চৰকাৰে খৰাংপীড়িত কৃষকসকলৰ বাবে ৫,০০০ টকাৰ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য ঘোষণা কৰিছিল। কিন্তু প্ৰতিবাদী কৃষক সংগঠনসমূহে এই পৰিমাণৰ সাহায্যক অপৰ্যাপ্ত বুলি অভিহিত কৰিছে। তেওঁলোকৰ দাবী, কৃষকৰ প্ৰকৃত শস্যৰ ক্ষতিৰ মূল্যায়ন কৰি সেই অনুসৰি ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।
কৃষক সংগঠনসমূহে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ দাবীসমূহৰ বিষয়ে চৰকাৰে লিখিতভাৱে সুনিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ নকৰালৈকে আন্দোলন অব্যাহত থাকিব। এই বৃহৎ সমদলৰ জৰিয়তে কৃষকসকলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ চৰকাৰৰ ওচৰত কৃষি সংকটৰ বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ দাবী জনাইছে।
