দিল্লীত উত্তৰ-পূবৰ যুৱকক বৰ্ণবৈষম্যমূলক অপমান, ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি প্ৰতিক্ৰিয়া; ‘চিংকি’, ‘চাইনিজ’ বুলি উপহাসৰ অভিযোগ, অভিযুক্তক কঠোৰ শাস্তিৰ দাবী কিৰেন ৰিজিজুৰ

ৰাজধানী দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱকৰ বিৰুদ্ধে পুনৰ বৰ্ণবৈষম্যমূলক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। দিল্লীৰ কণ্টেণ্ট ক্ৰিয়েটৰ তথা ইউটিউবাৰ আমিৰ শ্বকিনৰ বিৰুদ্ধে ত্ৰিপুৰাৰ এজন যুৱকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে ‘চিংকি’ আৰু ‘চাইনিজ’ আদি শব্দৰে উপহাস কৰা আৰু ত্ৰিপুৰাক লৈ অশোভনীয় মন্তব্য কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাটোক লৈ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত কৰা এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে অভিযুক্তই উচিত শাস্তি পাব লাগিব। তেওঁ লিখিছে, “এই দুষ্ট ব্যক্তিজনে শাস্তি পাবই। আনুষ্ঠানিক অভিযোগ দাখিল কৰাত পলম হৈছিল যদিও দিল্লী আৰক্ষী আৰু ত্ৰিপুৰা আৰক্ষীয়ে তেওঁক কঠোৰ শিক্ষা দিব।”

লগতে ৰিজিজুৱে মন্তব্য কৰে যে সমাজত এনে ঘৃণামূলক আচৰণ সহ্য কৰা লোকসকলো সমাজত ঘৃণা বিয়পি পৰাৰ বাবে দায়ী।

ইফালে, ঘটনাটোৰ সন্দৰ্ভত ত্ৰিপুৰা ষ্টুডেণ্টছ ফ’ৰামে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। অভিযুক্তৰ বিৰুদ্ধে বৰ্ণবৈষম্যমূলক নিৰ্যাতন, চাইবাৰ বুলিং আৰু ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

আনহাতে, মেঘালয়ৰ সাংসদ জেমছ চাংমাই দিল্লী আৰক্ষী আয়ুক্তক ঘটনাটোৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে। সাংসদগৰাকীয়ে নিজৰ X হেণ্ডেলযোগে এই আহ্বান জনায়।

ঘটনাটোক গুৰুত্বসহকাৰে লৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধানক দিল্লী আৰক্ষীৰ সৈতে সমন্বয় স্থাপন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলেও অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বিৰুদ্ধে বৰ্ণবৈষম্যমূলক মন্তব্য আৰু নিৰ্যাতনৰ অভিযোগে পুনৰ এবাৰ দেশত জাতিগত বৈষম্যৰ বিষয়টো চৰ্চালৈ আনিছে। ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ লগতে দোষীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত মেঘালয়ৰ ৰাজ্যসভাৰ সাংসদ জেমছ কে চাংমাই দিল্লী আৰক্ষী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। উত্তৰ পূৱৰ যুৱকক বৰ্ণ বৈষম্য মূলক মন্তব্যৰে তাচ্ছিল্য কৰা ঘটনাৰ উচিত তদন্ত দাবী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...

ট্ৰাম্পৰ অদ্ভুত প্ৰস্তাৱ গুগললৈ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ নাম সলনি কৰি ‘ট্ৰাম্প অ’চেন’ ৰখাৰ পৰিকল্পনা

মানচিত্ৰত নিজৰ নাম জিলিকোৱাৰ পৰিকল্পনা! আটলাণ্টিক মহাসাগৰৰ নাম সলনি...

পুৰণি শত্ৰুতাৰ ভয়ংকৰ পৰিণতি; যুৱকক গাড়ীৰ খিৰিকীত হাত আবদ্ধ কৰি চলালে গাড়ী, কানপুৰত যুৱকৰ কৰুণ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰৰ হনুমন্ত বিহাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত...