ফেচবুক ব্যৱহাৰকাৰীৰ তথ্যৰ গোপনীয়তা ৰক্ষাত গাফিলতিৰ অভিযোগ; Metaক ২৫০০ কোটি ডলাৰ জৰিমনা

আমেৰিকাৰ নিউ মেক্সিকো ৰাজ্যৰ এখন আদালতে ফেচবুক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ দাবী কৰাৰ অভিযোগত Metaক ২৫০০ কোটি ডলাৰ জৰিমনা বিহাৰ নিৰ্দেশ দিছে। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ প্ৰায় ২.২ লাখ কোটি টকা। ২০১৬ চনৰ কেম্ব্ৰিজ এনালিটিকা (Cambridge Analytica) কেলেংকাৰীৰ সৈতে জড়িত এই গোচৰত বিচাৰক ফ্ৰান্সিছ মেথিউৱে এই নিৰ্দেশ দিয়ে। অৱশ্যে, এই ৰায়ৰ বিৰুদ্ধে আপীল কৰাৰ ইংগিত দিছে Metaই।

নিউ মেক্সিকো ৰাজ্যৰ প্ৰশাসনৰ অভিযোগ অনুসৰি, ফেচবুক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য কোনে চাব পাৰে বা ব্যৱহাৰ কৰিব পাৰে, সেই সন্দৰ্ভত সংস্থাটোৱে ব্যৱহাৰকাৰীসকলক বিভ্ৰান্ত কৰিছিল। ইয়াৰ উপৰি, সামাজিক মাধ্যমৰ মঞ্চখনত ঘৃণামূলক বক্তব্য আৰু ভুৱা তথ্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সংস্থাটোৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল। এই অভিযোগৰ ভিত্তিত ২০২১ চনত ৰাজ্য প্ৰশাসনে Metaৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

এই গোচৰৰ মূল সূত্ৰ ২০১৬ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। অভিযোগ অনুসৰি, ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা কেম্ব্ৰিজ এনালিটিকাই তৃতীয় পক্ষৰ এটা এপৰ জৰিয়তে প্ৰায় ৮.৭ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিছিল। পৰৱৰ্তী সময়ত সেই তথ্য ৰাজনৈতিক প্ৰচাৰৰ কামত ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল।

যোৱা ২৫ ছেপ্টেম্বৰত গোচৰটোৰ শুনানিৰ সময়ত জুৰী ব’ৰ্ডে প্ৰকাশ কৰে যে Meta আৰু সংস্থাটোৰ বিষয়ববীয়াসকলে কৰা ২৯টা বক্তব্যৰ ভিতৰত ২৬টায়েই বিভ্ৰান্তিকৰ আছিল। জুৰী ব’ৰ্ডৰ মতে, নিউ মেক্সিকোৰ গ্ৰাহক সুৰক্ষা আইন ৪.৩ কোটিতকৈও অধিকবাৰ উলংঘা কৰা হৈছিল।

আইন অনুসৰি, প্ৰতিটো উলংঘনৰ বাবে সৰ্বাধিক ৫,০০০ ডলাৰ পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে। সেই হিচাপত মুঠ জৰিমনাৰ পৰিমাণ ২১৯০০ কোটি ডলাৰতকৈও অধিক হ’ব পাৰিলেহেঁতেন। কিন্তু বিচাৰকে জৰিমনাৰ পৰিমাণ হ্ৰাস কৰি ২৫০০ কোটি ডলাৰ নিৰ্ধাৰণ কৰে।

আনহাতে, Metaৰ দাবী যে সংস্থাটোৱে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য বিক্ৰী নকৰে। লগতে, ৰাজ্য প্ৰশাসনে কোনো গ্ৰাহক বাস্তৱতে বিভ্ৰান্তিৰ সন্মুখীন হৈছিল বুলি প্ৰমাণ কৰিব পৰা নাই বুলিও সংস্থাটোৱে যুক্তি দিছে। Metaৰ অধিবক্তাসকলে জৰিমনাৰ পৰিমাণ ৩৪৫ কোটি ডলাৰৰ ভিতৰত সীমাবদ্ধ ৰাখিবলৈ আদালতত আবেদন জনাইছিল।

এতিয়া আদালতৰ এই ৰায়ৰ বিৰুদ্ধে Metaই আপীল কৰাৰ সম্ভাৱনা আছে। আপীল কৰা হ’লে গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াই বিশেষ গুৰুত্ব লাভ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related