দেৰগাঁও আৰু ছিপাঝাৰ, শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে। দেৰগাঁৱত নৱমীৰ নিশা সংঘটিত পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে বিজয়া দশমীৰ নিশা ছিপাঝাৰৰ গৰুখুটীত দুখন বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱায় আন দুজন যুৱকে। দুয়োটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজন যুৱক।
প্ৰাপ্ত তথ্য অনুসৰি, দেৰগাঁৱৰ ৩ নং গেটৰ শিৱ মন্দিৰৰ সন্মুখত নৱমী পূজাৰ আনন্দ-উল্লাসৰ মাজতে নিশা প্ৰায় ৯ বাজি ৩৫ মিনিটত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ৰ চাৰ্ভিচ ৰোডেৰে নেঘেৰিটিঙৰ পৰা দেৰগাঁৱৰ দিশে আহি থকা AS-05-ER-1627 নম্বৰৰ এখন ই-ৰিক্সাক পিছফালৰ পৰা AS-03-AQ-5638 নম্বৰৰ এখন ডমিনাৰ বাইকে প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত বাইক আৰোহী নেঘেৰিটিঙৰ বিলতীয়া গাঁৱৰ প্ৰীতম দাস (২৩) থিতাতে নিহত হয়। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে, বিজয়া দশমীৰ নিশা ছিপাঝাৰৰ গৰুখুটীৰ মথাউৰিত সংঘটিত হয় আন এক শোকাৱহ পথ দুৰ্ঘটনা। গৰুখুটী পূজাস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক। নিহত যুৱক দুজনক গৰুখুটীৰ অশ্বিনী কুমাৰ নাথ আৰু মঙলদৈৰ ভেৱেৰাঘাটৰ দ্বীপ দাস বুলি চিনাক্ত কৰা হৈছে।
দুৰ্ঘটনাটোত আন দুজন যুৱকো গুৰুতৰভাৱে আহত হয়। দ্বীপ দাসৰ বাইকত থকা মঙলদৈৰ গৌতম মণ্ডলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে, অশ্বিনী নাথৰ বাইকত থকা প্ৰসন্ন নাথৰ অৱস্থা সংকটজনক হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হয়।
উৎসৱৰ আনন্দৰ মাজতে দেৰগাঁও আৰু ছিপাঝাৰত সংঘটিত এই দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনাই তিনিটাকৈ পৰিয়াললৈ নমাই আনিছে অন্ধকাৰ। দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে যুৱককেইজনৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই দুয়োটা অঞ্চলতে গভীৰ শোকৰ সৃষ্টি কৰিছে।
