হেঙেৰাবাৰীৰ এপাৰ্টমেণ্টত যুৱতীৰ ৰহস্যজনক মৃত্যু, গ্ৰেপ্তাৰ বিশ্বনাথ দাস নামৰ এজন ব্যক্তি

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ নেহা এপাৰ্টমেণ্টত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱতীগৰাকী শুৱালকুছিৰ ডলী কাশ্যপ বুলি চিনাক্ত কৰা হৈছে। এপাৰ্টমেণ্টটোত ভাড়াতীয়া হিচাপে বাস কৰিছিল যুৱতীগৰাকী।

ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে এটা ছুইচাইড নোট। উক্ত টোকাটোত বিশ্বনাথ দাস নামৰ এজন ব্যক্তিৰ নাম উল্লেখ থকাৰ লগতে তেওঁৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা হৈছে।

ছুইচাইড নোটটোত নিৰ্যাতনৰ বাবেই যুৱতীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ কথা উল্লেখ থকা বুলি জানিব পৰা গৈছে। এই টোকাৰ ভিত্তিত ডলী কাশ্যপৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত বিশ্বনাথ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে বিশ্বনাথ দাস এটা বীমা প্ৰতিষ্ঠানৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল। আনহাতে, মৃত ডলী কাশ্যপো একেটা প্ৰতিষ্ঠানতে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

বৰ্তমান দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতহে যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সৈতে জড়িত অন্যান্য তথ্য পোহৰলৈ আহিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি, বায়ুৰ গুণগত মানৰ অৱনতি; AQI ২২৭লৈ উন্নীত

ৰাজধানী দিল্লীত চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে বায়ুৰ গুণগত মান...