বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ সন্ধানহীন অসমৰ যুৱক

বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন হৈ পৰিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এগৰাকী যুৱক। যুৱকজনৰ সন্ধান নোপোৱাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। সন্ধানহীন যুৱকজন খোৱাঙৰ দিহিং সোণালী গাঁৱৰ ৩৫ বছৰীয়া বগা মুড়া। যোৱা ৯ অক্টোবৰত কৰ্মসূত্ৰে কেৰেলালৈ গৈছিল যুৱকজন। কিন্তু তাত কিছু অসুবিধাৰ সন্মুখীন হোৱাত লগৰীয়াৰ সৈতে ঘৰলৈ উভতি অহাৰ পথত বাংগালুৰুত ৰে’লৰ পৰা নামি হঠাৎ সন্ধানহীন হৈ পৰে তেওঁ। বিবাহিত যুৱকজন সন্ধানহীন হৈ পৰাৰ পিছৰে পৰা পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এটি সন্তানৰ পিতৃ বগা মুড়াৰ কোনো সন্ধান নোপোৱাত এতিয়া স্বামীক বিচাৰি চকুলো টুকিছে পত্নীয়ে। স্বামীক বিচাৰি উলিয়াবলৈ অসম আৰক্ষীৰ ওচৰত কাতৰ আহ্বান জনাইছে পত্নীগৰাকীয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে বগা মুড়াৰ সন্ধান লাভ কৰিলে খোৱাং আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অতি সোনকালে মুছলমানৰ চহৰ হ’ব পেৰিছ’ — ট্ৰাম্পৰ মন্তব্যক লৈ বিতৰ্ক

ফ্ৰান্সত শেহতীয়াকৈ সৃষ্টি হোৱা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে...

পাৰমাণৱিক শক্তিৰ যুগলৈ বাংলাদেশ! ৰূপপুৰ প্ৰকল্পৰ প্ৰথম ৰিয়েক্টৰত আৰম্ভ স্বয়ংসম্পূৰ্ণ নিউক্লীয় বিক্ৰিয়া

প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বিদ্যুৎ উৎপাদনৰ দিশে বাংলাদেশৰ বৃহৎ পদক্ষেপ।...

দেৰগাঁৱত পিষ্টলসহ আটক ১৮ বছৰীয়া যুৱক

সোমবাৰে সন্ধিয়া দেৰগাঁৱত পিষ্টলসহ আটক ১৮ বছৰীয়া যুৱক। আটকাধীন...