‘অতি সোনকালে মুছলমানৰ চহৰ হ’ব পেৰিছ’ — ট্ৰাম্পৰ মন্তব্যক লৈ বিতৰ্ক

ফ্ৰান্সত শেহতীয়াকৈ সৃষ্টি হোৱা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে প্ৰব্ৰজনক জগৰীয়া কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নকে ধৰি ইউৰোপীয় নেতাসকলক সীমান্ত নিয়ন্ত্ৰণ অধিক কঠোৰ কৰিবলৈ আহ্বান জনাইছে ট্ৰাম্পে।

সোমবাৰে ৱাশ্বিংটনত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে দাবী কৰে যে ফ্ৰান্সৰ শেহতীয়া অস্থিৰতাৰ মূল কাৰণ প্ৰব্ৰজন, বিদ্যালয় বা আন কোনো বিষয় নহয়। ফ্ৰান্সলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক লোকক প্ৰৱেশ কৰিবলৈ দিয়াটো এক ডাঙৰ ভুল বুলি তেওঁ মেক্ৰ’নক পূৰ্বেই সকীয়াই দিছিল বুলিও উল্লেখ কৰে।

ট্ৰাম্পে কয়, “অতি সোনকালেই পেৰিছ এখন মুছলমানৰ চহৰ হ’ব।” ইউৰোপে সীমান্ত বন্ধ কৰি অপৰাধীসকলক আঁতৰ নকৰিলে মহাদেশখনৰ ভৱিষ্যৎ সংকটৰ সন্মুখীন হ’ব বুলিও মন্তব্য কৰে তেওঁ।

উল্লেখ্য যে, অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত পেৰিছসহ ফ্ৰান্সৰ কেইবাখনো চহৰত সপ্তাহৰ শেষৰ ফালে বিক্ষোভ অনুষ্ঠিত হৈছিল। এই প্ৰতিবাদৰ মাজতে কিছুমান স্থানত গুৰুতৰ পথ-হিংসাৰ ঘটনা সংঘটিত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

অবৈধ প্ৰব্ৰজন ৰোধ কৰাটো ট্ৰাম্পৰ ৰাজনৈতিক কাৰ্যসূচীৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতি। তেওঁ প্ৰায়ে প্ৰব্ৰজনৰ সৈতে অপৰাধ আৰু ৰাজহুৱা বিশৃংখলতাৰ সম্পৰ্ক স্থাপন কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাকাশ ইতিহাসত নতুন অভিলেখ SpaceXৰ, প্ৰথমবাৰৰ বাবে সফলতাৰে ‘কেচ’ কৰিলে Starship মহাকাশযান

মহাকাশ অভিযানৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিলে ইলন...

ডিচেম্বৰতে বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? প্ৰত্যাৱৰ্তনৰ পূৰ্বে ভাৰতৰ দুটা চৰ্ত!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ডিচেম্বৰ মাহতে ঢাকালৈ উভতি...