সোমবাৰে সন্ধিয়া দেৰগাঁৱত পিষ্টলসহ আটক ১৮ বছৰীয়া যুৱক। আটকাধীন যুৱকজনৰ নাম দৃষ্টান্ত ফুকন। বাতিপৰীয়াৰ নিজ বাসগৃহৰ পৰা যুৱকজনক আটক কৰে দেৰগাঁও আৰক্ষীয়ে।

যুৱকজনৰ পৰা এটা পিষ্টল, তিনিটা সজীৱ গুলী আৰু এটা খালী কাৰ্টিজ জব্দ। যুৱকজনৰ ভাষ্য অনুসৰি, বিহাৰৰ পৰা ২০ হাজাৰ টকাত ক্ৰয় কৰি আনিছিল পিষ্টলটো। অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।
সম্প্ৰতি দেৰগাঁও আৰক্ষীৰ জিম্মাত আছে যুৱকজন।
