ছট পূজাক লৈ গুৱাহাটীত বিশেষ যান-বাহন নিৰ্দেশনা, ১৫ আৰু ১৬ নৱেম্বৰত পথ সলনি-নিষেধাজ্ঞা

ছট পূজা উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচল সুচল কৰি ৰখাৰ উদ্দেশ্যে বিশেষ যান-বাহন নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই। এই নিৰ্দেশনা ১৫ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা ১৬ নৱেম্বৰৰ পুৱা ১১ বজালৈ কাৰ্যকৰী হৈ থাকিব।

ক) নিষেধাজ্ঞা (Restrictions) –
১। ১৫ নৱেম্বৰ, ২০২৬ তাৰিখৰ পুৱা ১১:০০ বজাৰ পৰা ১৬ নৱেম্বৰ, ২০২৬ তাৰিখৰ পুৱা ১১:০০ বজালৈকে মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ আৱাসগৃহৰ পইণ্টলৈকে এম.জি. ৰোডত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন তথা অন্যান্য লেহেমীয়া গতিৰ বাহন, যেনে, হাতগাড়ী, ৰিক্সা আৰু ঘোঁৰাগাড়ীৰ চলাচল নিষিদ্ধ কৰা হৈছে। অৱশ্যে ভক্তসকলে পূজাৰ সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা লেহেমীয়া গতিৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব।

২। ভক্ত আৰু পূজাৰ সামগ্ৰী কঢ়িয়াই অনা বাহনৰ বাহিৰে আন কোনো বাহনকে মাছখোৱা পইণ্টৰ পৰা মাননীয় মুখ্য ন্যায়াধীশৰ আৱাসগৃহৰ পইণ্টলৈকে এম.জি. ৰোডৰ উক্ত অংশত চলাচল কৰিবলৈ দিয়া নহ’ব।

৩। খানাপাৰাৰ দিশৰ পৰা ভৰলুমুখৰ দিশে অহা চিটী বাছ আৰু এ.এছ.টি.চি. বাছসমূহে জি.এছ. ৰোড–এ.টি. ৰোড হৈ চলাচল কৰিব লাগিব আৰু এই বাছসমূহে পানবজাৰ আৰ.অ.বি.ৰে পানবজাৰৰ দিশে ঘূৰিব নোৱাৰিব।

৪। জালুকবাৰীৰ দিশৰ পৰা অহা চিটী বাছ আৰু এ.এছ.টি.চি. বাছসমূহক মাছখোৱা পইণ্টৰ পৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আৱাসগৃহৰ পইণ্টলৈকে এম.জি. ৰোডৰ অংশত চলাচল কৰিবলৈ দিয়া নহ’ব। এই বাহনসমূহক মাছখোৱা পইণ্টত এ.টি. ৰোড/এইচ.বি. ৰোডৰ দিশে ঘূৰাই চানমাৰি/এ.টি. ৰোড/জি.এছ. ৰোড হৈ নুনমাটি আৰু খানাপাৰাৰ দিশে যাবলৈ নিৰ্দেশ দিয়া হৈছে।

৫। জালুকবাৰীৰ দিশৰ পৰা অহা কোনো ধৰণৰ গধুৰ বাহন, আন্তঃজিলা বাছ আৰু এ.এছ.টি.চি.ৰ অধীনত চলাচল কৰা ৰঙা ৰঙৰ গ্ৰাম্য সেৱাৰ বাছ (চিটী বাছ আৰু ভক্ত কঢ়িয়াই অনা বাহনৰ বাহিৰে) মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এই বাহনসমূহক জালুকবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ (NH-27) দিশত ডাইভাৰ্ট কৰা হ’ব।

৬। ভক্তসকলে কেৱল চাৰিচকীয়া বাহনহে ব্যৱহাৰ কৰিব পাৰিব। কোনো গধুৰচকীয়া বাহনৰ অনুমতি দিয়া নহ’ব।

খ. যান-বাহনৰ পথ সলনিৰ (Diversions) উল্লিখিত দিন আৰু সময় –

১। ভৰলুমুখ দিশৰ পৰা পানবজাৰ/চানমাৰিৰ দিশে অহা সকলো বাহন, চিটী বাছসহ, মাছখোৱা উৰণীয়া সেতুৰ পইণ্টত এইচ.বি. ৰোড (টি.আৰ.পি. ৰোড হৈ) অথবা এ.টি. ৰোডৰ দিশে ঘূৰাই দিয়া হ’ব। ইয়াৰ পিছত এইচ.বি. ৰোড হৈ চানমাৰি/লতাশিলৰ দিশে যোৱা বাহনসমূহে এন.বি. হল (ছেছনছ ক’ৰ্ট) পইণ্টত বাঁওফালে ঘূৰি এফ.চি. ৰোড হৈ যাব লাগিব।

২। চানমাৰিৰ দিশৰ পৰা পানবজাৰ/ভৰলুমুখ/জালুকবাৰীৰ দিশে অহা সকলো বাহন, চিটী বাছসহ, এন.বি. হল (ছেছনছ ক’ৰ্ট) পইণ্টত এইচ.বি. ৰোডৰ দিশে ঘূৰাই দিয়া হ’ব আৰু তাৰ পিছত ভৰলুমুখৰ দিশেৰে যাব লাগিব।

৩। উজানবজাৰ/লতাশিলৰ দিশৰ পৰা ভৰলুমুখ দিশে অহা সকলো লঘু বাহন প্লেনেটেৰিয়াম পইণ্টত লেম্ব ৰোড, এফ.চি. ৰোড, তৈয়বুল্লা পইণ্ট, জি.এন.বি. ৰোড আৰু জিলা পুথিভঁৰাল হৈ এন.বি. হল (ছেছনছ ক’ৰ্ট) পইণ্টত বাঁওফালে ঘূৰাই দিয়া হ’ব।

গ. যান-বাহনৰ পার্কিং ব্যৱস্থা (Parking of Vehicles) –

১। ভৰলুমুখ দিশৰ পৰা ভক্ত আৰু পূজাৰ সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহক লাচিত ঘাট, লক্ষী গলি, চেম্বাৰ ৰোড, এম.এছ. ৰোড, এছ.আৰ.চি.বি. ৰোড আৰু এম.জি. ৰোডৰ ৰজামুখী অংশত বাহন ৰখাৰ অনুমতি দিয়া হ’ব।

২। সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঘাটত সকলো বাহন খেলপথাৰৰ ভিতৰতহে পার্কিং কৰিব লাগিব।

ঘ. পার্কিং নিষিদ্ধ (No Parking) –

১। ১৫/১১/২০২৬ তাৰিখৰ পুৱা ৭:০০ বজাৰ পৰা ১৬/১১/২০২৬ তাৰিখে ধর্মীয় ৰীতি-নীতি সম্পূর্ণ নোহোৱালৈকে ভৰলুমুখৰ পৰা পানবজাৰ উৰণীয়া সেতুৰ দক্ষিণ প্ৰান্তলৈকে এ.টি. ৰোডৰ নদীৰ পাৰৰ অংশত কোনো বাহন ৰখাবলৈ দিয়া নহ’ব।

২। এম.জি. ৰোড, এম.এল.এন. ৰোড, এ.আৰ.বি. ৰোড, এছ.এছ. ৰোড, এছ.আৰ.চি.বি. ৰোড, এইচ.বি. ৰোড আৰু টি.আৰ.পি. ৰোডত কোনো বাহন পার্কিং কৰিবলৈ দিয়া নহ’ব।

৩। ১৫/১১/২০২৬ তাৰিখৰ পুৱা ৭:০০ বজাৰ পৰা ১৬/১১/২০২৬ তাৰিখে ধর্মীয় ৰীতি-নীতি সম্পূর্ণ নোহোৱালৈকে টি.আৰ.পি. ৰোড, লক্ষী গলি, চেম্বাৰ ৰোড, এছ.আৰ.চি.বি. ৰোড, কেদাৰ ৰোড, এম.এছ. ৰোড আদি স্থানত কোনো ট্ৰাক বা গধুৰ বাণিজ্যিক বাহন পার্কিং কৰিবলৈ দিয়া নহ’ব।

মহানগৰ আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত (যান-বাহন) জয়ন্ত সাৰথি বৰাই ১৪ নৱেম্বৰত জাৰি কৰা এই নিৰ্দেশনাৰ জৰিয়তে ছট পূজাৰ সময়ছোৱাত মহানগৰবাসী আৰু ভক্তসকলক যান-বাহন নিয়ম মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাকাশ ইতিহাসত নতুন অভিলেখ SpaceXৰ, প্ৰথমবাৰৰ বাবে সফলতাৰে ‘কেচ’ কৰিলে Starship মহাকাশযান

মহাকাশ অভিযানৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিলে ইলন...

ডিচেম্বৰতে বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? প্ৰত্যাৱৰ্তনৰ পূৰ্বে ভাৰতৰ দুটা চৰ্ত!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ডিচেম্বৰ মাহতে ঢাকালৈ উভতি...