চিৰাং জিলাৰ বিজনীত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকে। শনিবাৰে নিশা বিজনীৰ পূব খামাৰপাৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত আন এজন যুৱকো গুৰুতৰভাৱে আহত হয়।
নিহত যুৱক দুজন বিজনীৰ মাটিয়াপাৰাৰ অজয় নমোদাস (২১) আৰু দেৱজিত মালাকাৰ (২০) বুলি চিনাক্ত কৰা হৈছে। আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যুৱকজন বিজনীৰ বাতাবাৰীৰ পৰিতোষ বৰ্মণ।
প্ৰাপ্ত তথ্য অনুসৰি, বিজনীৰ পাণবাৰীত অনুষ্ঠিত কালীপূজাৰ মেলাৰ পৰা একেখন মটৰ চাইকেলেৰে মাজনিশা ঘৰলৈ উভতি আহি আছিল যুৱক তিনিজন। সেই সময়তে বিজনীৰ পূব খামাৰপাৰাত দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ মটৰ চাইকেলখন।
দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকৰ সহযোগত তিনিওজনকে বিজনীৰ ভেটাগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকে অজয় নমোদাস আৰু দেৱজিত মালাকাৰক মৃত ঘোষণা কৰে।
ইফালে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত পৰিতোষ বৰ্মণক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এই শোকাৱহ দুৰ্ঘটনাই বিজনীৰ মাটিয়াপাৰা আৰু বাতাবাৰী অঞ্চলৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
