ৰাজস্থানৰ কোটাত শনিবাৰে পুৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ৮জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯জন আহত হয়। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন টেম্প’ ট্ৰেভেলাৰ নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি প্ৰায় ২০ ফুট তলত থকা এটা ঋতুভিত্তিক নলাত বাগৰি পৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখন মধ্যপ্ৰদেশৰ পৰা ৰাজস্থানৰ খাটু শ্যাম মন্দিৰ অভিমুখে গৈ আছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি, টেম্প’ ট্ৰেভেলাৰখনত প্ৰায় ২০জন যাত্ৰী আছিল। তেওঁলোকৰ অধিকাংশই মধ্যপ্ৰদেশৰ বেতুল জিলাৰ বাসিন্দা। শুকুৰবাৰে নিশা তেওঁলোকে বেতুলৰ পৰা সীক্ৰ জিলাৰ ৰিংগাছত অৱস্থিত খাটু শ্যাম মন্দিৰ দৰ্শনৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিল।
চিমলিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দ সিঙে জনোৱা মতে, বাহনখনে কৰাডিয়া টোল প্লাজা পাৰ হৈ চুলতানপুৰৰ দিশে গৈ থকা অৱস্থাত চালকজনে নিয়ন্ত্ৰণ হেৰুৱায়। ফলত বাহনখনে ডিভাইডাৰ ভাঙি নলাটোত বাগৰি পৰি এখন দেৱালত খুন্দা মাৰে।
শনিবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত এই দুৰ্ঘটনাত চাৰিজন যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয়। আন তিনিজনৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।
দুৰ্ঘটনাৰ ফলত বাহনখনৰ সন্মুখৰ অংশটো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় আৰু কেইবাজনো যাত্ৰী ভিতৰত আবদ্ধ হৈ পৰে। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে চালকজন গাড়ী চলাই থকা অৱস্থাত টোপনি যোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।
দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় গাঁওবাসী আৰু সেই পথেৰে যাত্ৰা কৰা লোকসকলে উদ্ধাৰ অভিযানত সহায় কৰিবলৈ আগবাঢ়ি আহে। পিছত আৰক্ষী, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI) উদ্ধাৰকাৰী দল আৰু জৰুৰীকালীন এম্বুলেন্স সেৱাৰ কৰ্মীসকলে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰৰ বাবে NHAI-ৰ এখন ক্ৰেনো নিয়োগ কৰা হয়।
চুলতানপুৰ খণ্ডৰ মুখ্য চিকিৎসা বিষয়া ৰাজেশ ছামাৰে জনোৱা মতে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীলৈ চাৰিখন এম্বুলেন্স প্ৰেৰণ কৰা হৈছিল।
আহতসকলক চিকিৎসাৰ বাবে কোটাৰ মেডিকেল কলেজৰ অধীনস্থ নিউ হস্পিটেল আৰু এম বি এছ হস্পিটেলত ভৰ্তি কৰোৱা হয়। আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনাটোৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
এই মৰ্মান্তিক দুৰ্ঘটনাক লৈ ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যম ‘এক্স’ত দিয়া এটা পোষ্টত তেওঁ কয় যে কোটাৰ চিমলিয়া থানা এলেকাত ভূপালৰ পৰা খাটু শ্যামজীলৈ গৈ থকা এখন মিনিবাছ দুৰ্ঘটনাগ্ৰস্ত হৈ কেইবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ অত্যন্ত দুখজনক আৰু হৃদয়বিদাৰক।
তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি এই অপূৰণীয় ক্ষতি সহ্য কৰিবলৈ ঈশ্বৰে তেওঁলোকক শক্তি দিয়াৰ প্ৰাৰ্থনা জনায়। লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
