গোৱালপাৰাৰ লক্ষীপুৰত বাংলাদেশীৰ সন্দেহত ২ মহিলাক আটক; অবৈধ অনুপ্ৰৱেশত সহযোগিতাৰ অভিযোগত আন এজন লোককো আটক আৰক্ষীৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰত অবৈধ অনুপ্ৰৱেশৰ অভিযোগত দুগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে। বিশেষ সূত্ৰৰ পম খেদি লক্ষীপুৰ আৰক্ষীয়ে নিশা ৰংছাই-জুৰিগাঁও আৰু বাপুৰভিটা গাঁৱত অভিযান চলাই মহিলাদুগৰাকীক আটক কৰে। তেওঁলোকৰ নাম জৰণা মৰল আৰু লতা মোল্লা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, জৰণা মৰলৰ ঘৰ বাংলাদেশৰ যশোৰ জিলাৰ মণিৰামপুৰ থানা এলেকাত আৰু লতা মোল্লাৰ ঘৰ একেখন জিলাৰ কোটৱালি থানা এলেকাত বুলি জানিব পৰা গৈছে।

ইফালে, অবৈধ অনুপ্ৰৱেশত সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে ৰজৱ আলী (৩৫) নামৰ এজন লোককো আটক কৰিবলৈ সক্ষম হয়। তেওঁৰ ঘৰ গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত বাপুৰভিটা তৃতীয় খণ্ড গাঁৱত।

আৰক্ষীৰ দাবী অনুসৰি, ৰজৱ আলীৰ বিৰুদ্ধে পূৰ্বেও কেইবাটাও অপৰাধজনিত গোচৰ পঞ্জীয়ন হৈ আছে। ইয়াৰ পূৰ্বেও অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল বুলি জানিব পৰা গৈছে।

পিছত আৰক্ষীয়ে মহিলাদুগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰায় আৰু তেওঁলোকক ডিটেনচন কেম্পলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে, মানৱ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ৰজৱ আলীকো আদালতত হাজিৰ কৰাই কাৰাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...