PM CARES শিশুৰ বৃত্তি লাভত আধাৰ কাৰ্ড বাধ্যতামূলক কেন্দ্ৰৰ; আধাৰ নাথাকিলেও বিকল্প নথিৰে লাভ কৰিব সুবিধা

PM CARES for Children আঁচনিৰ অধীনত বৃত্তিৰ সুবিধা লাভ কৰিবলৈ আধাৰ প্ৰমাণীকৰণ অথবা আধাৰ নম্বৰ থকাৰ প্ৰমাণ দাখিল কৰাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে এখন অধিসূচনা জাৰি কৰিছে।

অধিসূচনা অনুসৰি, প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষা অব্যাহত ৰখাৰ বাবে সহায় আগবঢ়োৱা PM CARES for Children আঁচনিৰ বিশেষ বৃত্তি আঁচনিৰ হিতাধিকাৰীসকলে আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব অথবা তেওঁলোকৰ আধাৰ নম্বৰ থকা বুলি প্ৰমাণ দাখিল কৰিব লাগিব।

অৱশ্যে, আধাৰ প্ৰমাণীকৰণত ব্যৰ্থ হোৱা বা আধাৰ নম্বৰ নথকাৰ বাবে কোনো শিশুক এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত কৰা নহ’ব বুলি অধিসূচনাখনত স্পষ্ট কৰা হৈছে। এনে ক্ষেত্ৰত, অধিসূচনাত উল্লেখ কৰা নথি-পত্ৰৰ জৰিয়তে শিশুটিৰ পৰিচয় পৰীক্ষা কৰাৰ লগতে পিতৃ-মাতৃ অথবা আইনী অভিভাৱকৰ সৈতে থকা সম্পৰ্ক নিশ্চিত কৰাৰ পিছত আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাখনত ১৮ বছৰৰ তলৰ আৰু ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ, কিন্তু আধাৰ নম্বৰ লাভ নকৰা হিতাধিকাৰীসকলৰ বাবে পৃথক পৃথক নথি-পত্ৰৰ ব্যৱস্থা উল্লেখ কৰা হৈছে।

১৮ বছৰৰ তলৰ শিশুসকলে নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ আধাৰ পঞ্জীয়নৰ স্বীকৃতি-পত্ৰ দাখিল কৰিব পাৰিব। এই পত্ৰত পঞ্জীয়ন পৰিচয় নম্বৰ (Enrolment ID) থকাটো প্ৰয়োজনীয়। ইয়াৰ লগতে বয়সৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণ-পত্ৰ, ভাৰতীয় পাছপ’ৰ্ট অথবা স্বীকৃতিপ্ৰাপ্ত শিক্ষা ব’ৰ্ডে প্ৰদান কৰা দশম বা দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ অথবা নম্বৰ তালিকা দাখিল কৰিব পাৰিব।

আনহাতে, ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ হিতাধিকাৰীসকলৰ বাবে অধিসূচনাখনত ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰদান কৰা ভোটাৰ পৰিচয়-পত্ৰ, ড্ৰাইভিং লাইচেন্স, ভাৰতীয় পাছপ’ৰ্ট আৰু ৰেচন কাৰ্ডৰ লগতে আন কেতবোৰ নিৰ্দিষ্ট পৰিচয়-পত্ৰৰ কথা উল্লেখ কৰা হৈছে।

ইয়াৰ উপৰি, আধাৰ প্ৰমাণীকৰণত ব্যৰ্থ হ’লে সম্ভৱপৰ ক্ষেত্ৰত বিকল্প প্ৰমাণীকৰণ পদ্ধতিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত জৈৱিক পৰিচয় পৰীক্ষণ (Biometric Verification) অথবা এককালীন পাছৱৰ্ডৰ (OTP) জৰিয়তে পৰিচয় নিশ্চিত কৰাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...

গোৱালপাৰাৰ লক্ষীপুৰত বাংলাদেশীৰ সন্দেহত ২ মহিলাক আটক; অবৈধ অনুপ্ৰৱেশত সহযোগিতাৰ অভিযোগত আন এজন লোককো আটক আৰক্ষীৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰত অবৈধ অনুপ্ৰৱেশৰ অভিযোগত দুগৰাকী মহিলাক আটক...