১৪খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ; ১২ নৱেম্বৰত খচৰা, ৪ জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হৈছে— আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, মণিপুৰ, পুডুচেৰী, পঞ্জাব, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগ।

নিৰ্বাচন আয়োগে জনোৱা অনুসৰি, চলিত বৰ্ষৰ ১২ নৱেম্বৰত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ’ব। আনহাতে, অহা বছৰৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

যোগ্য নাগৰিকসকলে অহা মাহৰ ১২ তাৰিখৰ পৰা ১১ ডিচেম্বৰলৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব।

আয়োগে লগতে জনাইছে যে ২০২৭ চনৰ ১ এপ্ৰিল, ১ জুলাই অথবা ১ অক্টোবৰত ১৮ বছৰ বয়স সম্পূৰ্ণ কৰিবলগীয়া যুৱ নাগৰিকসকলেও আগতীয়াকৈ ভোটাৰ হিচাপে পঞ্জীয়নভুক্ত হ’বলৈ আবেদন কৰিব পাৰিব।

ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ জিলা পৰ্যায়ত সহায়ক কেন্দ্ৰ স্থাপন কৰা হ’ব। বিশেষকৈ প্ৰব্ৰজিত লোক, অসুৰক্ষিত অৱস্থাত থকা লোক আৰু সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ নাগৰিকসকলক ভোটাৰ হিচাপে পঞ্জীয়নভুক্ত কৰাত এই কেন্দ্ৰসমূহে সহায় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজস্থানত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা, কমেও ৮জনৰ মৃত্যু, আহত ৯ জন

ৰাজস্থানৰ কোটাত শনিবাৰে পুৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ...

‘দৃশ্যম’ চাই শিকিলে অপৰাধৰ কৌশল! সোণৰ চেইন, বাইকৰ লোভত সহপাঠীক হত্যাৰ অভিযোগ দুই কিশোৰৰ বিৰুদ্ধে

মহাৰাষ্ট্ৰৰ থানে জিলাত জন্মদিনৰ পাৰ্টি আৰু এখন মটৰ চাইকেল...