ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল এজন যাত্ৰী! বিমান মিছ কৰাৰ এই ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে সকলোতে।

ঘটনা উত্তৰ প্ৰদেশৰ বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ। গোৰখপুৰৰ বাসিন্দা ভূষণ কুমাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত বিমানবন্দৰত উপস্থিত হৈছিল। নিশা ৯.০৫ বজাত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানেৰে ডুবাইলৈ যোৱাৰ কথা আছিল তেওঁৰ।

কিন্তু টাৰ্মিনেলত প্ৰৱেশ কৰাৰ পৰিৱৰ্তে তেওঁ পাৰ্কিং এলেকালৈ যায়। তাত নিচাসক্ত অৱস্থাত শুই থকা বুলি সন্দেহ কৰি নিৰাপত্তাৰক্ষীয়ে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী উপস্থিত হোৱাৰ সময়লৈকে বিমান উৰা মাৰিছিল। পিছত ভূষণক চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱা হয় আৰু তেওঁৰ পৰিয়ালকো খবৰ দিয়া হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি বিজ্ঞানী

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...