ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে দেশখনৰ বিৰুদ্ধে আমেৰিকাৰ সৰ্ববৃহৎ অ-পাৰমাণৱিক বোমা ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ কথা বিবেচনা কৰিছে ৱাশ্বিংটনে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে পুনৰ সামৰিক পদক্ষেপ গ্ৰহণ কৰিব নে নাই, সেই সন্দৰ্ভত বিবেচনা কৰি থকাৰ সময়তে এই সম্ভাৱনাই বিশেষ চৰ্চা লাভ কৰিছে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, পেণ্টাগনে ইৰানৰ আন্তঃগাঁথনি আৰু পাৰমাণৱিক কেন্দ্ৰসমূহক লক্ষ্য কৰি GBU-43/B Massive Ordnance Air Blast (MOAB) বোমা ব্যৱহাৰৰ সম্ভাৱনা পৰীক্ষা কৰিছে।

‘মাদাৰ অৱ অল বম্বছ’ নামেৰে পৰিচিত এই বোমাটো ইৰানৰ বিৰুদ্ধে পূৰ্বে কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই। সেয়েহে ইয়াৰ ব্যৱহাৰে চলিত সংঘাতক অধিক তীব্ৰ কৰি তুলিব পাৰে বুলি আশংকা কৰা হৈছে।

অৱশ্যে, এই বোমাৰ ধ্বংসাত্মক ক্ষমতা অত্যন্ত শক্তিশালী হ’লেও ইৰানৰ গভীৰ ভূগৰ্ভত অৱস্থিত পাৰমাণৱিক স্থান সমূহ ধ্বংস কৰাৰ ক্ষেত্ৰত ইয়াৰ কাৰ্যকাৰিতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। গভীৰভাৱে পুতি ৰখা লক্ষ্যবস্তু ধ্বংস কৰাৰ বাবে বোমাটোৰ ক্ষমতা পৰ্যাপ্ত নহ’বও পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, ২০১৭ চনৰ এপ্ৰিল মাহত ড’নাল্ড ট্ৰাম্পৰ প্ৰথমটো ৰাষ্ট্ৰপতিত্বৰ কাৰ্যকালত আফগানিস্তানত প্ৰথমবাৰৰ বাবে যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল MOAB। সেই সময়ত ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদীৰ সুৰংগ আৰু বাংকাৰৰ নেটৱৰ্কক লক্ষ্য কৰি বোমাটো নিক্ষেপ কৰা হৈছিল। সেই আক্ৰমণত ৯০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱা বুলি সেই সময়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল।

অৱশ্যে, ইৰানৰ বিৰুদ্ধে এই বোমা ব্যৱহাৰৰ সন্দৰ্ভত আমেৰিকাই এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা বুলি নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...