আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাত তিনি শিশুসহ চাৰিজন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত এগৰাকী শিক্ষয়িত্ৰীও আছে।

আৰক্ষীৰ মতে, ১৬ বছৰীয়া এজন কিশোৰে বন্দুকৰে বিদ্যালয়খনৰ বন্ধ দুৱাৰত গুলীচালনা কৰি ভিতৰত প্ৰৱেশ কৰিছিল। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে আক্ৰমণকাৰীক অনুসৰণ কৰি বিদ্যালয়ৰ ভিতৰতে গুলীচালনা কৰাত কিশোৰজন নিহত হয়।

নিহত শিশুকেইটাৰ বয়স পাঁচ, আঠ আৰু ১১ বছৰ। আনহাতে, সাত বছৰীয়া এটি শিশু আৰু ৫৪ বছৰীয়া এগৰাকী শিক্ষয়িত্ৰী গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ পিছতে বেণ্ড চহৰৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধুবুৰীৰ ছাগলীয়াত আৰক্ষীৰ গুলীচালনা, য়াবা টেবলেট আৰু ব্ৰাউন ছুগাৰসহ আটক ২ সৰবৰাহকাৰী

ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়া তিনিআলিত আৰক্ষীৰ গুলীচালনাৰ ঘটনা। ড্ৰাগছ...

জয়পুৰৰ পিতৃগৃহত ঘনকান্ত গগৈৰ মৃতদেহ; এনকাউণ্টাৰক লৈ পত্নীৰ সন্দেহ, পুত্ৰক সাহসী আখ্যা ঘনকান্তৰ মাতৃৰ

জয়পুৰৰ পিতৃগৃহত উপস্থিত কৰা হৈছে ঘনকান্ত গগৈৰ মৃতদেহ। স্বামীৰ...

তিনিচুকীয়াত NIOS পৰীক্ষাকেন্দ্ৰত ধনৰ খেল! আৰক্ষীৰ জালত অধ্যক্ষসহ কেইবাজনো

তিনিচুকীয়াত NIOS পৰীক্ষাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ ঘটনা। ধনৰ বিনিময়ত...

জাগীৰোডত পুনৰ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য! মহিলাক ডিঙি চেপি আক্ৰমণ, অশালীন গালি-গালাজ

জাগীৰোডৰ ৰে’লৱে উৰণ সেতুৰ তলত দিনকদিনে বৃদ্ধি পাইছে ই-ৰিক্সা...