পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে কেন্দ্ৰীয় চৰকাৰে। পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ০.৫০ টকাৰ পৰা বৃদ্ধি কৰি ২.৫০ টকা কৰা হৈছে। আনহাতে, ডিজেলৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ১৬ টকাৰ পৰা হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।
বৃহস্পতিবাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশনা অনুসৰি, ১৬ অক্টোবৰৰ পৰা এই নতুন শুল্কৰ হাৰ কাৰ্যকৰী হৈছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্যৰ উঠা-নমাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিয়মীয়াকৈ ৰপ্তানি শুল্কৰ পৰ্যালোচনা কৰে। প্ৰতি ১৫ দিনৰ মূৰে মূৰে এই শুল্কৰ হাৰ পুনৰীক্ষণ কৰা হয়।
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তিৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২০২২ চনৰ জুলাই মাহত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত উইণ্ডফল কৰ আৰোপ কৰিছিল। ২০২৪ চনত এই কৰ প্ৰত্যাহাৰ কৰা হৈছিল যদিও খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২০২৬ চনৰ মাৰ্চ মাহত পুনৰ কৰ আৰোপ কৰা হয়।
অৱশ্যে, পেট্ৰ’লৰ ৰপ্তানি শুল্ক বৃদ্ধি আৰু ডিজেলৰ শুল্ক হ্ৰাস কৰাৰ আঁৰৰ নিৰ্দিষ্ট কাৰণ চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা হোৱা নাই।
