আমিনগাঁৱত ১০ কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ;গ্ৰেপ্তাৰ সৰবৰাহকাৰী

কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য য়াবা টেবলেট জব্দ কৰা হৈছে। নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে এখন ছুইফট বাহনৰ পৰা জব্দ কৰা হয় ৪০ হাজাৰ য়াবা টেবলেট।

প্ৰাপ্ত তথ্য অনুসৰি, মিজোৰামৰ পৰা ছুইফট বাহনখনত ড্ৰাগছখিনি সৰবৰাহ কৰি অনা হৈছিল। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰপেটাৰ হাকিম দেৱান নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান। অভিযানত জব্দ কৰা য়াবা টেবলেটখিনিৰ ক’লা বজাৰ মূল্য প্ৰায় ১০ কোটি টকা বুলি জানিব পৰা গৈছে।

এই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দৰ ঘটনাই ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে বিবেচিত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালী আৰু ওমানৰ উপকূলৰ সমীপত টেংকাৰত আক্ৰমণ; সন্ধানহীন দুই ভাৰতীয় নাৱিক

১১ অক্টোবৰত হৰমুজ প্ৰণালী অঞ্চল আৰু ওমানৰ উপকূলৰ ওচৰত...

বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ সামৰ্থ্য আছে ভাৰতীয় যুৱ প্ৰজন্মৰ; ভাৰতীয় যুৱ শক্তিৰ ওপৰত আস্থা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত...