বাংগালুৰুত ৪ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ অনুষ্ঠিত দ্বিতীয় এছিয়ান মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি সাফল্য অৰ্জন কৰিছে গুৱাহাটীৰ সাঁতোৰবিদ হিমন্তা বৰবৰাই।
প্ৰতিযোগিতাখনৰ মহিলাৰ ৪০–৪৪ বছৰ বয়সৰ শাখাত অংশগ্ৰহণ কৰি হিমন্তা বৰবৰাই ৪০০ মিটাৰ ইণ্ডিভিজুৱেল মেডলী শাখাত ৰূপৰ পদক আৰু ৪×৫০ মিটাৰ মহিলা মেডলী ৰিলে শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।
ইয়াৰ উপৰি, তেওঁ ২০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ৪০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত পঞ্চম স্থান লাভ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে।
হিমন্তা বৰবৰাৰ এই সাফল্যই অসমৰ ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে।
