হৰমুজ প্ৰণালী আৰু ওমানৰ উপকূলৰ সমীপত টেংকাৰত আক্ৰমণ; সন্ধানহীন দুই ভাৰতীয় নাৱিক

১১ অক্টোবৰত হৰমুজ প্ৰণালী অঞ্চল আৰু ওমানৰ উপকূলৰ ওচৰত পৃথক পৃথক স্থানত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া দুখন বাণিজ্যিক টেংকাৰত আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই ঘটনাত দুগৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। আনহাতে, জাহাজ দুখনত থকা আন ২০গৰাকী ভাৰতীয় নাৱিক সুৰক্ষিত বুলি জানিব পৰা গৈছে।

প্ৰথমটো ঘটনাত মাৰ্শ্বাল দ্বীপপুঞ্জৰ পতাকাবাহী MT Valthera নামৰ টেংকাৰখন হৰমুজ প্ৰণালী অঞ্চলত অজ্ঞাত অস্ত্ৰৰ আঘাতত ক্ষতিগ্ৰস্ত হয়। ফলত জাহাজখনত অগ্নিকাণ্ডৰ সৃষ্টি হয়। জাহাজখনত থকা ১১গৰাকী ভাৰতীয় নাৱিকৰ আটাইকেইজন সুৰক্ষিত বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰে।

আনটো ঘটনা সংঘটিত হয় ওমানৰ উপকূলৰ ছোহাৰ লংগৰত। নিকাৰাগুৱাৰ পতাকাবাহী MT Petro Dolphin নামৰ টেংকাৰখনত ড্ৰোন আক্ৰমণ চলোৱা হয়। জাহাজখনত ১১গৰাকী ভাৰতীয় নাৱিক আছিল। ইয়াৰে ৯গৰাকীক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰা হৈছে যদিও আন দুগৰাকী সন্ধানহীন হৈ আছে। সন্ধানহীন নাৱিক দুগৰাকীৰ উদ্ধাৰৰ বাবে স্থানীয় উপকূলৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

মাস্কাটস্থিত ভাৰতীয় দূতাবাসে MT Petro Dolphin-ৰ সৈতে জড়িত পৰিস্থিতিৰ ওপৰত ঘনিষ্ঠভাৱে নজৰ ৰাখিছে বুলি জানিবলৈ দিছে। দূতাবাসটোৱে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰখা বুলিও প্ৰকাশ কৰিছে।

ইফালে, এই আক্ৰমণৰ ঘটনাক লৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি ঘটনাসমূহৰ গৰিহণা দিছে। মন্ত্ৰালয়ে কয় যে হৰমুজ প্ৰণালী অঞ্চলত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণ অত্যন্ত উদ্বেগজনক আৰু ইয়াৰ ফলত ইতিমধ্যে অস্থিৰ হৈ থকা পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকা আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে জনায় যে সন্ধানহীন নাৱিকসকলৰ সন্ধান আৰু উদ্ধাৰৰ লগতে জাহাজৰ কৰ্মচাৰীসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ উদ্দেশ্যে মাস্কাটস্থিত ভাৰতীয় দূতাবাসে ওমানৰ কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট জাহাজ পৰিচালনা প্ৰতিষ্ঠানসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আফ্ৰিকাৰ জিবুতিৰ উপকূলত ভয়ংকৰ নাও দুৰ্ঘটনা; নতুন জীৱনৰ সন্ধানত গৈ সলিল সমাধি ১৫ শিশুসহ ১৩৯ প্ৰব্ৰজনকাৰীৰ

ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই জনোৱা তথ্য অনুসৰি, জিবুতিৰ উপকূলত এখন...

বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ সামৰ্থ্য আছে ভাৰতীয় যুৱ প্ৰজন্মৰ; ভাৰতীয় যুৱ শক্তিৰ ওপৰত আস্থা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত...

আমিনগাঁৱত ১০ কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ;গ্ৰেপ্তাৰ সৰবৰাহকাৰী

কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য...