কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব পবিতৰা অভয়াৰণ্য; বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰিব ২০২৬-২৭ পৰ্যটন বৰ্ষৰ

পৰ্যটকৰ বাবে কাইলৈ পৰা অৰ্থাৎ ১৩ অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব পবিতৰা অভয়াৰণ্য। মঙলবাৰে পুৱা ৯ বজাত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিকভাৱে ২০২৬-২৭ পৰ্যটন বৰ্ষৰ শুভাৰম্ভ কৰিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা।

নতুন পৰ্যটন বৰ্ষক আদৰণি জনোৱাৰ বাবে ইতিমধ্যে সাজু হৈছে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ। অভয়াৰণ্যখনৰ ভিতৰৰ বাট-পথসমূহৰ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে। পৰ্যটকৰ সুবিধাৰ্থে জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰ ব্যৱস্থাও কৰা হৈছে। ইয়াৰ বাবে কৰ্তৃপক্ষই ৩০খন জীপ সাজু কৰি ৰাখিছে।

মাত্ৰ ৩৮ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত পবিতৰা অভয়াৰণ্য এশিঙীয়া গঁড়ৰ বাবে বিশেষভাৱে পৰিচিত। উপলব্ধ তথ্য অনুসৰি, অভয়াৰণ্যখনত ১০৬টা এশিঙীয়া গঁড়ৰ লগতে পাঁচ শতাধিক বনৰীয়া ম’হ, বিভিন্ন প্ৰজাতিৰ পক্ষী আৰু সহস্ৰাধিক বনগাহৰি আছে। প্ৰকৃতি আৰু বন্যপ্ৰাণীপ্ৰেমী পৰ্যটকৰ বাবে পবিতৰা এক আকৰ্ষণীয় গন্তব্যস্থান।

উল্লেখ্য যে, বিগত পৰ্যটন বৰ্ষত পবিতৰা অভয়াৰণ্য দৰ্শন কৰিছিল ৪২ হাজাৰৰো অধিক দেশীয় পৰ্যটকে। আনহাতে, অভয়াৰণ্যখনলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৭৬৩গৰাকী।

নতুন পৰ্যটন বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ আগমনে পবিতৰাৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন গতি আনিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ সামৰ্থ্য আছে ভাৰতীয় যুৱ প্ৰজন্মৰ; ভাৰতীয় যুৱ শক্তিৰ ওপৰত আস্থা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত...

আমিনগাঁৱত ১০ কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ;গ্ৰেপ্তাৰ সৰবৰাহকাৰী

কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য...

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...