ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ৰ ১৩ সংখ্যক ছিজন। এইবাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে মুঠ ১৩টা দলে। ইয়াৰ ভিতৰত শ্ৰেষ্ঠ ছটা দলে প্লে-অফত খেলাৰ সুযোগ লাভ কৰিব।


ইফালে, নতুন ছিজনৰ প্ৰথমখন মেচতে শক্তিশালী প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নৰ্থইষ্ট ইউনাইটেড এফ চি। ১২ অক্টোবৰত গুৱাহাটীৰ সৰুসজাইস্থিত ষ্টেডিয়ামত কলকাতাৰ ঐতিহ্যমণ্ডিত ফুটবল ক্লাব মোহন বাগানৰ বিৰুদ্ধে খেলপথাৰত নামিব ঘৰুৱা দলটো। সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ। মেচখনক লৈ ইতিমধ্যে সাজু হৈছে নৰ্থইষ্ট ইউনাইটেড। শনিবাৰে সৰুসজাইত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ মুখ্য প্ৰশিক্ষক যোৱান পেদ্ৰ বেনালী আৰু অধিনায়ক টনডম্বা সিঙে নতুন ছিজনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। সংবাদমেলত প্ৰশিক্ষক বেনালীয়ে এইবাৰ ISLৰ খিতাপ দখলৰ লক্ষ্যৰে দলটো সম্পূৰ্ণৰূপে সাজু হোৱা বুলি আত্মবিশ্বাস প্ৰকাশ কৰে। মোহন বাগানৰ বিৰুদ্ধে জয়লাভৰ লক্ষ্যৰে দলটোৱে নতুন ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে পুৱা আৰু সন্ধিয়া নিয়মীয়াকৈ অনুশীলন অব্যাহত ৰাখিছে। ইফালে, ঘৰুৱা খেলপথাৰত দলটোক সমৰ্থন জনাবলৈ ফুটবল অনুৰাগীসকলক ষ্টেডিয়ামত উপস্থিত থাকিবলৈ আহ্বান জনাইছে নৰ্থইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক আৰু অধিনায়কে। নতুন ছিজনত উন্নত প্ৰদৰ্শনেৰে খিতাপ দখলৰ লক্ষ্য পূৰণ কৰিবলৈ আশাবাদী দলটোৰ প্ৰশিক্ষক। এতিয়া সকলোৰে দৃষ্টি ১২ অক্টোবৰৰ মেচখনলৈ। ঘৰুৱা দৰ্শকৰ সন্মুখত মোহন বাগানক পৰাস্ত কৰি বিজয় অভিযান আৰম্ভ কৰিবলৈ সক্ষম হ’বনে নৰ্থইষ্ট ইউনাইটেড?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...