মাজুলীত বিধ্বস্ত বাট-পথে উদঙাইছে উন্নয়নৰ আন এক ছবি। বিধ্বস্ত পথৰ বাবে জৰুৰীকালীন সময়তো এম্বুলেন্স সেৱা উপলব্ধ নোহোৱাৰ অভিযোগ উঠিছে। ইয়াৰ মাজতে লোহিতখাবলু-যোগীবাৰী অঞ্চলত সংঘটিত হৈছে এক কৰুণ ঘটনা।
জানিব পৰা মতে, এগৰাকী প্ৰসূতি মহিলাক চিকিৎসালয়লৈ নিয়াৰ সময়তে বিধ্বস্ত পথৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হয় পৰিয়ালটো। অঞ্চলটোত ১০৮ এম্বুলেন্স সেৱা উপলব্ধ নোহোৱাত মহিলাগৰাকীক সামগ্ৰী কঢ়িওৱা এখন বাহনত চিকিৎসালয়লৈ নিয়া হৈছিল। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই পথতে বাহনৰ ওপৰত মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰে।
এই ঘটনাৰ পিছতে মাজুলীৰ স্বাস্থ্য সেৱা আৰু জৰুৰীকালীন চিকিৎসা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিধ্বস্ত পথৰ বাবে অঞ্চলটোত দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈ অহাৰ অভিযোগ আছে।
এনে ঘটনাই ৰাজ্যৰ পথ যোগাযোগ আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ বাস্তৱ ছবিখন পুনৰ পোহৰলৈ আনিছে। ঘটনাটোক লৈ এতিয়া মাজুলীৰ লগতে সমগ্ৰ অঞ্চলটোতে ব্যাপক চৰ্চা চলিছে।
