৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন। শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDAৰ বৃহৎ জয়ৰ পিছত দলীয় কাৰ্যকৰ্তাৰ সৈতে বিজয় উদযাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।
শিলচৰ পৌৰ নিগমৰ ৪২খন আসনৰ ভিতৰত বিজেপিয়ে ৩২খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰদল অসম গণ পৰিষদে ২খন আসন লাভ কৰে। অৰ্থাৎ NDAৰ মুঠ আসন সংখ্যা হৈছে ৩৪খন।
বিজয় উদযাপনৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই জয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বৰ ফল বুলি উল্লেখ কৰে।
শইকীয়াই কয়, শিলচৰত বিজেপিয়ে ৩২টা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু অগপই দুখন আসন লাভ কৰিছে। তেওঁৰ মতে, শিলচৰৰ এই নিৰ্বাচন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ।
বিৰোধীয়ে EVM-ক লৈ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাই অহা বুলি মন্তব্য কৰি শইকীয়াই কয় যে শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বেলটৰ ফলাফলে সেই অভিযোগৰ উত্তৰ দিছে।
ইফালে বিজয়ী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ তীব্ৰ কটাক্ষ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৪২খন আসনৰ ভিতৰত কংগ্ৰেছে মাত্ৰ ২খন আসন লাভ কৰিছে। আনকি বিধানসভা নিৰ্বাচনৰ তুলনাতো কংগ্ৰেছৰ ভোট হ্ৰাস পোৱা বুলি তেওঁ দাবী কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কংগ্ৰেছৰ তুলনাত নিৰ্দলীয় প্ৰাৰ্থীয়েও অধিক ভোট লাভ কৰিছে।
EVM-ক লৈ কংগ্ৰেছৰ অভিযোগৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “EVMতো মোদী আৰু বেলটতো মোদী।” লগতে SIR সন্দৰ্ভতো কংগ্ৰেছক কটাক্ষ কৰে।
ৰাহুল গান্ধীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে শিলচৰৰ এই ফলাফলৰ বিষয়ে তেওঁক অৱগত কৰা উচিত।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকালৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত শিলচৰৰ এই জয়ক এক ‘ক্ষুদ্ৰ উপহাৰ’ হিচাপে অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফলে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণতো নতুন চৰ্চাৰ সৃষ্টি কৰাৰ মাজতে বিজেপি নেতৃত্বাধীন NDAৰ এই জয়ক লৈ দলীয় শিবিৰত এতিয়া উৎসাহৰ পৰিৱেশ।
