মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ ঘটনা। প্ৰথমটো ঘটনা গুৱাহাটীৰ ধাৰাপুৰত, আনটো শ্ৰীভূমিৰ ৰাতাবাৰীত সংঘটিত হয়।
ধাৰাপুৰত আৰক্ষীৰ গুলীত আহত হয় নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলী। আজাৰালৈ লৈ যোৱাৰ পথত পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰা বুলি জানিব পৰা গৈছে। আছিকৰ সোঁ ভৰিত গুলী লাগে আৰু বৰ্তমান তেওঁ GMCHত চিকিৎসাধীন।
ইফালে, দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় শ্ৰীভূমিৰ ৰাতাবাৰীত। ড্ৰাগছৰ সৈতে আটক হোৱা বাপন নমশুদ্ৰক লৈ তদন্তৰ বাবে যোৱাৰ সময়তে তেওঁ পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলীত বাপনৰ ভৰিত গুলী লাগে।
আহত বাপন নমশুদ্ৰক চিকিৎসাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। দুয়োটা ঘটনাকে লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।
