চাহ বাগিচাৰ পটভূমিত নিৰ্মিত ‘বাদলা- The Revenge’ৰ ৰোমাঞ্চকৰ কাহিনী; জানুৱাৰীত ছবিগৃহলৈ আহিব ছাদ্ৰী ভাষাৰ নতুন চলচ্চিত্ৰ

অসমৰ চাহ বাগিচাৰ পটভূমিত নিৰ্মিত ছাদ্ৰী ভাষাৰ নতুন ছবি ‘বাদলা-The Revenge’ অহা বছৰৰ জানুৱাৰীত মুক্তি লাভ কৰিব। S H Productionৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা সুৰজিৎ গগৈৰ। কাহিনী আৰু চিত্ৰনাট্য ৰূপম চেতিয়াৰ, আনহাতে চিত্ৰগ্ৰহণ কৰিছে নৱনিত নীলাভে।

ছবিখনত অভিনয় কৰিছে চাফি হিৰ’, ভাৱনা ঠাকুৰীয়া, বিপ্লৱ শইকীয়া, গিগি, প্ৰভাত দত্ত, কাকলি সন্দিকৈ, ভিতালী বৈশ্য, হেলেনা আখতাৰ, বিবেক ডেকা আৰু বিউটি ৰাজবংশীয়ে।

প্ৰেম, ৰোমাঞ্চ, নৃত্য-গীত আৰু একচনেৰে ভৰপূৰ ‘বাদলা-The Revenge’ এখন পাৰিবাৰিক মনোৰঞ্জনধৰ্মী ছবি। চাহ বাগিচা অঞ্চলৰ বিভিন্ন সমস্যাৰ লগতে ছবিখনত মূলতঃ নায়ক বিক্ৰমৰ জীৱনত সংঘটিত ঘাত-প্ৰতিঘাত আৰু বিভিন্ন প্ৰত্যাহ্বানক কাহিনীৰ কেন্দ্ৰবিন্দু হিচাপে উপস্থাপন কৰা হৈছে।

ইফালে, ছবিখনৰ ‘ঢাম ঢাম মাদল বাজেলা’ শীৰ্ষক গীতটোৰ ভিডিঅ’ ৫ অক্টোবৰত দিছপুৰ প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। গীতটিত কণ্ঠদান কৰিছে ৰূপজ্যোতি পাপুৱে। সংগীত নিলুৎপল শব্দৰৰ আৰু নৃত্য পৰিচালনা ভাস্কৰ দত্তৰ।

গীতটোৰ ভিডিঅ’ ইতিমধ্যে S H Productionৰ YouTube চেনেলত উপলব্ধ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুধনৈৰ বেছিমাৰীত যুৱতীক এচিড আক্ৰমণ, মূল অভিযুক্তসহ দুজন গ্ৰেপ্তাৰ

দুধনৈৰ বেছিমাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ এচিড আক্ৰমণৰ ঘটনা। শুই...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান ভেটাপাৰা গড়চুক আৰক্ষীৰ; জব্দ ৭০টা মোবাইলসহ নগদ ধন

মহানগৰীৰ ভেটাপাৰাৰ ব্ৰহ্মপুত্ৰ হাউছিং ছচাইটিত গড়চুক আৰক্ষীয়ে অভিযান চলাই...

গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিং; সোপাধৰাৰ সন্দেহত যুৱকক মাৰপিট

গোলাঘাটৰ দলৌজানত সংঘটিত হৈছে চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনা। কৃষি...