স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ যাত্ৰা আৰম্ভ কৰিলে মালবাহী জাহাজে। নৱনিৰ্মিত বগীবিল নদী বন্দৰ তথা IWAI বগীবিল টাৰ্মিনেলৰ পৰা আজি বাংলাদেশৰ ঢাকাস্থিত পানগাঁও বন্দৰলৈ ৰাওনা হ’ল প্ৰথমখন কাৰ্গো জাহাজ।
এ পি এলৰ উৎপাদিত ৫৪০ টন মিথানল কঢ়িয়াই প্ৰথমখন জাহাজে বাংলাদেশলৈ যাত্ৰা আৰম্ভ কৰে। মুঠ ২৭টা কণ্টেইনাৰত এই মিথানল কঢ়িয়াই নিয়া হৈছে। প্ৰায় ৭ দিনত ৭৮৩ কিলোমিটাৰ জলপথ অতিক্ৰম কৰি জাহাজখন বাংলাদেশৰ পানগাঁও বন্দৰত উপস্থিত হ’ব।
আজি বগীবিল নদী বন্দৰত অনুষ্ঠিত ফ্লেগ-অফ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাহাজখনলৈ সেউজ সংকেত প্ৰদান কৰি এই ঐতিহাসিক যাত্ৰাৰ শুভাৰম্ভণি কৰে। মুখ্যমন্ত্ৰীয়েও ভাৰ্চুৱেলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিমল বৰাও উপস্থিত থাকে।
আজি ৰাওনা হোৱা জাহাজখনৰ নাম ‘পাটকাই’। এখন জাহাজত মুঠ ২৭টা কণ্টেইনাৰ কঢ়িয়াই নিয়া হৈছে। আনহাতে, অহা দুই-এদিনৰ ভিতৰতে আন এখন জাহাজো বাংলাদেশলৈ ৰাওনা হোৱাৰ কথা জানিব পৰা গৈছে। দুয়োখন জাহাজে মুঠ ১,০৮০ টন মিথানল বাংলাদেশলৈ কঢ়িয়াই নিব।
উল্লেখযোগ্য যে ব্ৰিটিছ আমোলতো ডিব্ৰুগড়ৰ পৰা জলপথেৰে জাহাজ চলাচল কৰাৰ নজিৰ আছিল। সেই সময়ত ডিব্ৰুগড়ৰ মোহনাঘাটৰ সমীপত আছিল এক ঐতিহাসিক জাহাজ ঘাট। ব্ৰিটিছসকলে বিশেষকৈ ব্যৱসায়িক সামগ্ৰী পৰিবহণৰ বাবে জলপথ ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ পৰা জাহাজ চলাচল বন্ধ হৈ পৰে।
দীৰ্ঘ সময়ৰ পাছত আজি পুনৰ বগীবিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় জলপথেৰে মালবাহী জাহাজৰ চলাচল আৰম্ভ হোৱাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক পৰিবহণৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। এই জলপথে অসম আৰু বাংলাদেশৰ মাজত বাণিজ্যিক যোগাযোগ অধিক সুদৃঢ় কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুন বাণিজ্যিক দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।
