প্ৰসংগঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ; ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে ফাষ্টট্ৰেক আদালতত সাক্ষ্যদান কৰিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই। জুবিন গাৰ্গৰ ঘটনাৰ সময়ত য়টখনত উপস্থিত আছিল ৰূপকমল কলিতা।

সাক্ষ্যদান কৰি আদালতৰ পৰা ওলাই অহাৰ পাছত ৰূপকমল কলিতাই কয়, ‘জুবিন গাৰ্গ পানীত ডুবাৰ সময়ত প্ৰথমে জঁপিয়াইছিল য়টৰ কেপ্তেইনে।’

তেওঁ লগতে কয়, ‘ঘটনাৰ পাছত মই জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিলোঁ।’ ঘটনা সন্দৰ্ভত বহুখিনি কথা আদালতক অৱগত কৰা বুলি উল্লেখ কৰি ৰূপকমল কলিতাই কয় যে য়টৰ কাৰ্যসূচী আয়োজনৰ সময়ত জুবিন গাৰ্গৰ স্বাস্থ্যৰ বিষয়ে কিয় অৱগত কৰা হোৱা নাছিল, সেয়াও ৰহস্যজনক।

ইফালে, ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া তীব্ৰ গতিত আগবাঢ়িছে। বৰ্তমানলৈ গোচৰটোত ১২২জন লোকৰ সাক্ষ্যগ্ৰহণ কৰা হৈছে। লগতে ৮৬খন এজাহাৰ দাখিল কৰা হৈছিল যদিও সকলো এজাহাৰ একত্ৰিত কৰি এখন এজাহাৰ কৰা হয়।

বিচাৰ প্ৰক্ৰিয়াত ইতিমধ্যে ৮জন প্ৰবাসী অসমীয়াৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হৈছে। আন দুজন প্ৰবাসী অসমীয়াৰ সাক্ষ্যগ্ৰহণ এতিয়াও বাকী আছে। ছিংগাপুৰৰ নাগৰিকত্ব লাভ কৰাৰ বাবে সিদ্ধাৰ্থ বৰাৰ অসমলৈ আহি সাক্ষ্য দিয়াৰ সম্ভাৱনা নাই বুলি জানিব পৰা গৈছে। আনহাতে, প্ৰবাসী অসমীয়া ভাস্কৰজ্যোতি দত্ত সাক্ষ্যদানৰ বাবে অসমলৈ আহিব।

ইফালে, শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি ৪ নৱেম্বৰত অনুষ্ঠিত হ’ব। আনহাতে, কাইলৈ উচ্চতম ন্যায়ালয়ত সিদ্ধাৰ্থ বৰাৰ জামিন আবেদনৰ শুনানি হ’ব।

জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰেও গোচৰটোৰ শেহতীয়া বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একেখন বিচাৰপীঠতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ বৰাৰ বিচাৰ প্ৰক্ৰিয়া চলিব বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ মালবাহী জাহাজ; বগীবিলত জাহাজ ঘাটত শুভাৰম্ভণি অনুষ্ঠান

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ যাত্ৰা আৰম্ভ...

দিন-দুপৰতে ডিব্ৰুগড়ৰ ৰাজগড়ত ডকাইতি! জুৱেলাৰ্ছৰ সন্মুখৰ পৰাই ১০ লক্ষাধিক টকাৰ সোণ, নগদ ধন লুটি উধাও দুৰ্বৃত্ত

টিংখাঙৰ ৰাজগড়ত পুৱাই সংঘটিত চাঞ্চল্যকৰ দিন-দুপৰীয়া ডকাইতিৰ ঘটনাই সমগ্ৰ...