মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ ভিত্তিত জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। দেশজুৰি জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত CJPৰ নেতৃত্বত চলি থকা প্ৰতিবাদৰ মাজতে আদালতৰ এই সিদ্ধান্ত। নিৰ্বাচন আয়োগৰ আন দুগৰাকী আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ অনুমোদন অবিহনে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি এই আবেদন দাখিল কৰা হৈছিল।
মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে জাননী জাৰি কৰিলেও, নিৰ্বাচন আয়োগে কেৱল সংখ্যাগৰিষ্ঠতাৰ ভিত্তিতহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি কোনো অন্তৱৰ্তী নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰে।
আবেদনকাৰী ৰাকেশ সিঙৰ হৈ জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে আদালতত যুক্তি আগবঢ়াই SIRকে ধৰি নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আয়োগৰ তিনিওগৰাকী সদস্যৰ অনুমোদন অথবা সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত গ্ৰহণ কৰাৰ বাবে অন্তৱৰ্তী নিৰ্দেশ বিচাৰে। কিন্তু বিচাৰপীঠে বিপক্ষৰ বক্তব্য নুশুনাকৈ এনে নিৰ্দেশ দিয়াৰ পৰা বিৰত থাকে।
আবেদনখনত সংবিধানৰ ৩২৪ অনুচ্ছেদৰ উল্লেখ কৰি কোৱা হৈছে যে নিৰ্বাচনৰ তদাৰক, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণৰ ক্ষমতা কেৱল মুখ্য নিৰ্বাচন আয়ুক্তৰ হাতত নহয়, বৰং সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ ওপৰত ন্যস্ত। সেইবাবেই মুখ্য নিৰ্বাচন আয়ুক্তই ব্যক্তিগতভাৱে এই ক্ষমতা প্ৰয়োগ কৰিব পাৰে নে নাই, সেই বিষয়ে আদালতৰ হস্তক্ষেপ বিচৰা হৈছে।
আবেদনখনত দুগৰাকী নিৰ্বাচন আয়ুক্তই দাখিল কৰা নথি আৰু পত্ৰৰ উল্লেখ কৰি দাবী কৰা হৈছে যে ২৮ অক্টোবৰ ২০২৫ৰ পৰা ১৪ আগষ্ট ২০২৬লৈ কমেও ১৪টা বিষয়ত তেওঁলোকে আপত্তি উত্থাপন কৰিছিল। আয়োগৰ অনুমোদন অবিহনে বিভিন্ন সিদ্ধান্ত আৰু নিৰ্দেশ জাৰি কৰা, বৈঠকৰ এজেণ্ডা আৰু কাৰ্যবিৱৰণী নিয়মিতভাৱে বিতৰণ নকৰা আদি অভিযোগো আবেদনখনত উল্লেখ কৰা হৈছে।
ইয়াৰ উপৰি ভোটাৰ তালিকাৰ ডিজিটেল ডাটাবেছ ERONet/ECINetৰ নিয়ন্ত্ৰণ, Form 6-ত কৰা পৰিৱৰ্তন আৰু পশ্চিমবংগৰ বিভিন্ন ট্ৰাইব্যুনেলত নিৰ্বাচন আয়োগৰ হৈ দাখিল কৰা আপীলৰ অনুমোদন প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে।
আবেদনকাৰীৰ পক্ষই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ‘Quo Warranto’ৰ ধৰণৰ ৰিট জাৰি কৰাৰ দাবী জনাইছে। অৰ্থাৎ, সংবিধানৰ ৩২৪ অনুচ্ছেদৰ অধীনত নিৰ্বাচন আয়োগৰ হাতত থকা ক্ষমতা তেওঁ ব্যক্তিগতভাৱে প্ৰয়োগ কৰাৰ অধিকাৰ ক’ৰ পৰা লাভ কৰিলে, সেই বিষয়ে ব্যাখ্যা দিবলৈ নিৰ্দেশ দিয়াৰ দাবী কৰা হৈছে।
অৱশ্যে, এই পৰ্যায়ত উচ্চতম ন্যায়ালয়ে অভিযোগসমূহৰ সত্যতা সম্পৰ্কে কোনো চূড়ান্ত সিদ্ধান্ত দিয়া নাই। আদালতে জাননী জাৰি কৰি সংশ্লিষ্ট পক্ষৰ উত্তৰ বিচাৰিছে আৰু নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত কোনো অন্তৱৰ্তী নিৰ্দেশ জাৰি কৰা নাই।
