দিন-দুপৰতে ডিব্ৰুগড়ৰ ৰাজগড়ত ডকাইতি! জুৱেলাৰ্ছৰ সন্মুখৰ পৰাই ১০ লক্ষাধিক টকাৰ সোণ, নগদ ধন লুটি উধাও দুৰ্বৃত্ত

টিংখাঙৰ ৰাজগড়ত পুৱাই সংঘটিত চাঞ্চল্যকৰ দিন-দুপৰীয়া ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। ৰাজগড়ৰ মাজমজিয়াত থকা শ্ৰী সন্তোষী জুৱেলাৰ্ছৰ সন্মুখৰ পৰাই দুটা দুৰ্বৃত্তই লুটি নিয়ে ১০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰসহ নগদ ধন।

জানিব পৰা মতে, জুৱেলাৰ্ছখনৰ স্বত্বাধিকাৰী শিৱশংকৰ শ্বাহে পুৱা প্ৰায় ৮.৩০ বজাত দোকান খুলিবলৈ অহাৰ সময়তে এই ঘটনা সংঘটিত হয়। বাইকত অহা হেলমেট পৰিহিত দুটা দুৰ্বৃত্তই মুহূৰ্ততে তেওঁৰ হাতৰ পৰা বেগ কাঢ়ি লৈ পলায়ন কৰে।

বেগটোত আছিল প্ৰায় ৫০-৬০ হাজাৰ নগদ টকা, ১০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ, দোকানৰ লকাৰৰ চাবি আৰু গুৰুত্বপূৰ্ণ হিচাপৰ বহী। আকস্মিক আক্ৰমণত হতভম্ব হৈ পৰা স্বত্বাধিকাৰীগৰাকীয়ে ‘চোৰ, চোৰ’ বুলি চিঞৰি দুৰ্বৃত্তক খেদি যায় যদিও দুৰ্বৃত্ত দুটা বাইকেৰে পলায়ন কৰিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত ভুক্তভোগী শিৱশংকৰ শ্বাহে ইতিমধ্যে ৰাজগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। সমগ্ৰ লুটপাতৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে। চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে দুৰ্বৃত্তক চিনাক্ত কৰাৰ চেষ্টা চলাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ; ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে...

হাউলী ৰাসৰ বৰঙণি পত্ৰৰ খেলত প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰ’ভাৰ স্প’ৰ্ট, পুৰস্কাৰত থাকিব ২১খন বিলাসী বাহন

হাউলী ৰাস মহোৎসৱৰ উদ্যোগত বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহাৰ্য্যাৰ্থে...