হাউলী ৰাসৰ বৰঙণি পত্ৰৰ খেলত প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰ’ভাৰ স্প’ৰ্ট, পুৰস্কাৰত থাকিব ২১খন বিলাসী বাহন

হাউলী ৰাস মহোৎসৱৰ উদ্যোগত বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহাৰ্য্যাৰ্থে এইবাৰ অনুষ্ঠিত হ’বলগীয়া বৰঙণি পত্ৰৰ খেলত প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব বিলাসী ৰেঞ্জ ৰ’ভাৰ স্প’ৰ্ট বাহন। বাহনখনৰ মূল্য প্ৰায় ডেৰ কোটি টকাৰো অধিক বুলি হাউলী ৰাস উদযাপন সমিতিয়ে জানিবলৈ দিছে।

হাউলী ৰাস উদযাপন সমিতিৰ সভাপতি হেমেন দাসে এখন সংবাদমেলত এইবাৰৰ বৰঙণি পত্ৰৰ খেল সন্দৰ্ভত এই কথা সদৰি কৰে। তেওঁৰ মতে, ১০০ টকা মূল্যৰ প্ৰতিখন বৰঙণি পত্ৰৰ খেলত মুঠ ২১খন বিলাসী বাহন পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব।

ঘোষণা অনুসৰি, প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰ’ভাৰ স্প’ৰ্টৰ পাছত দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব মাৰ্চিডিজ-বেঞ্জ GLA। তৃতীয় পুৰস্কাৰ টয়োটা ফৰ্চুনাৰ, চতুৰ্থ টয়োটা ইন’ভা ক্ৰিষ্টা, পঞ্চম স্ক’ডা কুশ্বাক স্প’ৰ্টলাইন আৰু ষষ্ঠ পুৰস্কাৰ হিচাপে থাকিব মহিন্দ্ৰা স্ক’ৰ্পিঅ’ ক্লাছিক।

ইয়াৰ উপৰি সপ্তম পুৰস্কাৰ টাটা ছিয়েৰা, অষ্টম KIA Carens, নৱম টয়োটা আৰবান ক্ৰুইজাৰ হাইৰাইডাৰ, দশম হুণ্ডাই ক্ৰেটা, একাদশ মাৰুতি গ্ৰেণ্ড ভিটাৰা আৰু দ্বাদশ পুৰস্কাৰ হিচাপে স্ক’ডা স্লাভিয়া আগবঢ়োৱা হ’ব।

ত্ৰয়োদশ পুৰস্কাৰ হুণ্ডাই ভেনু, চতুৰ্দশ মহিন্দ্ৰা XUV 3XO, পঞ্চদশ মাৰুতি চুইফ্ট ডিজায়াৰ, ষোড়শ হুণ্ডাই অ’ৰা, সপ্তদশ টাটা এলট্ৰ’জ, অষ্টাদশ মাৰুতি চুইফ্ট, ঊনবিংশ টাটা পাঞ্চ, বিংশ হুণ্ডাই এক্সটাৰ আৰু একবিংশ পুৰস্কাৰ হিচাপে মাৰুতি ৱাগন আৰ থাকিব।

হাউলী ৰাস মহোৎসৱ সমিতিৰ সভাপতি হেমেন দাসে জনোৱা মতে, এইবাৰৰ বৰঙণি পত্ৰ অনলাইনযোগে বিক্ৰী কৰা নহ’ব। অনলাইনযোগে টিকট বিক্ৰীৰ নামত কোনো ধৰণৰ প্ৰৱঞ্চনাৰ বলি নহ’বলৈ অসমবাসীক সতৰ্ক হৈ থাকিবলৈও তেওঁ আহ্বান জনায়।

সভাপতিগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে অহা লক্ষ্মীপূজাৰ পৰা বৰঙণি পত্ৰ তথা লটাৰী টিকট বজাৰত মুকলি কৰি দিয়া হ’ব। বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই খেলখনক লৈ ইতিমধ্যে হাউলী ৰাসপ্ৰেমী তথা ৰাইজৰ মাজত উৎসাহ বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিন-দুপৰতে ডিব্ৰুগড়ৰ ৰাজগড়ত ডকাইতি! জুৱেলাৰ্ছৰ সন্মুখৰ পৰাই ১০ লক্ষাধিক টকাৰ সোণ, নগদ ধন লুটি উধাও দুৰ্বৃত্ত

টিংখাঙৰ ৰাজগড়ত পুৱাই সংঘটিত চাঞ্চল্যকৰ দিন-দুপৰীয়া ডকাইতিৰ ঘটনাই সমগ্ৰ...

মাজুলীত খাদ্যত বিষক্ৰিয়া; প্ৰসাদ খাই অসুস্থ ১৩৮ গৰাকী

মাজুলীৰ মূদৈবিল টকৌবাৰী গাঁৱত সংঘটিত খাদ্যত বিষক্ৰিয়াৰ ঘটনাই অঞ্চলটোত...

STFৰ জিম্মাত পাকিস্তানৰ চোৰাংচোৱা অভিষেক কুমাৰ সিং; অভিষেকৰ জেৰাত পোহৰলৈ আহিছে ন ন তথ্য

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ এজন অপাৰেটিভৰ সৈতে যোগাযোগ ৰখা আৰু...