কংগ্ৰেছৰ সৈতে মিত্ৰতাক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদৰ ভিতৰ চোৱাত অসন্তুষ্টি বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে। দলৰ সম্পাদক জিয়াউৰ ৰহমানে সভাপতি লুৰীণজ্যোতি গগৈ লৈ প্ৰেৰণ কৰা তিনিপৃষ্ঠীয়া এখন পত্ৰক লৈ অজাপৰ অভ্যন্তৰত ব্যাপক চৰ্চা চলিছে।
পত্ৰখনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাটো দলৰ বাবে ভুল সিদ্ধান্ত বুলি জিয়াউৰ ৰহমানে উল্লেখ কৰা বুলি জানিব পৰা গৈছে। তেওঁৰ মতে, কংগ্ৰেছৰ সংগ লোৱাৰ ফলত জাতীয়তাবাদী পৰম্পৰাগত সমৰ্থকৰ একাংশৰ আস্থা দলটোৱে হেৰুৱাইছে।
পত্ৰখনত ২০২১ চনৰ পৰা ধাৰাবাহিকভাৱে নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বিষয়টোও উত্থাপন কৰা হৈছে। বাৰে বাৰে নিৰ্বাচনী ব্যৰ্থতাৰ সন্মুখীন হোৱাৰ পিছতো নেতৃত্বই ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ নকৰাক লৈও অসন্তুষ্টি প্ৰকাশ কৰা হৈছে।
ইফালে, ২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰায় ৬০ শতাংশ বহিৰাগত বা নৱাগত প্ৰাৰ্থীক দলীয় টিকট দিয়াৰ অভিযোগ উত্থাপন কৰি ইয়াৰ ফলত দলৰ ভাৱমূৰ্তি ক্ষতিগ্ৰস্ত হোৱা বুলি পত্ৰখনত দাবী কৰা হৈছে।
ইয়াৰ উপৰি, বিগত নিৰ্বাচনৰ সময়ত দললৈ অহা বৰঙণিৰ ধন ব্যক্তিগত পুঁজিত জমা হোৱাৰ অভিযোগ উত্থাপন কৰি সেই ধনৰ উৎস আৰু ব্যৱহাৰ সন্দৰ্ভত নেতৃত্বক স্পষ্টীকৰণ দিবলৈ আহ্বান জনোৱা হৈছে।
উল্লেখ্য, অজাপ আৰু কংগ্ৰেছৰ মাজত নিৰ্বাচনী সমীকৰণক লৈ আলোচনা পূৰ্বেও ৰাজনৈতিকভাৱে চৰ্চিত হৈ আহিছে। ২০২৫ চনতো অজাপৰ এটা প্ৰতিনিধি দলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি অসম চুক্তি আৰু অন্যান্য বিষয়ত স্মাৰক-পত্ৰ প্ৰদান কৰিছিল।
অৱশ্যে, জিয়াউৰ ৰহমানৰ এই পত্ৰত উত্থাপিত অভিযোগসমূহ সন্দৰ্ভত অজাপৰ শীৰ্ষ নেতৃত্বৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়াও প্ৰকাশ পোৱা নাই।
