গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা এটা গণেশ মন্দিৰত নিশা সংঘটিত হৈছে চুৰি। মন্দিৰৰ পুৰোহিত থকা কোঠালিৰ দুৱাৰত বাহিৰৰ পৰা তলা মাৰি চোৰে চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, চোৰে গণেশৰ মূৰ্তিত থকা সোণৰ অলংকাৰৰ লগতে ৰূপৰ মূৰ্তি আৰু নগদ ধন লৈ পলায়ন কৰে। ইয়াৰ উপৰিও মন্দিৰৰ দানপাত্ৰ ভাঙি নগদ ধনসহ বহু সামগ্ৰী লুটি নিয়ে।

মন্দিৰত স্থাপন কৰা CCTV কেমেৰাও ভাঙি পেলোৱাৰ লগতে DVR লৈ যায় চোৰে।

ঘটনাৰ পাছতে মন্দিৰ কৰ্তৃপক্ষ আৰু স্থানীয় লোকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত তদন্তৰ আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related