গুৱাহাটীত পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ STF-এ। ধৃত লোকজন ৩১ বছৰীয়া অভিষেক কুমাৰ সিং বুলি জানিব পৰা গৈছে।
STF-এ সাতগাঁও থানাৰ অন্তৰ্গত গান্ধীনগৰত অভিযান চলাই এটা ভাড়াঘৰৰ পৰা অভিষেক কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰে। তেওঁ বিহাৰৰ পূব চম্পাৰণ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ অভিযোগ অনুসৰি, ধৃত অভিষেক কুমাৰ সিঙে পাকিস্তানী Intelligence Operativeৰ নিৰ্দেশত কাম কৰিছিল। নিৰাপত্তা বাহিনীৰ গুৰুত্বপূৰ্ণ আৰু গোপন তথ্য সৰবৰাহ কৰাৰ লগতে চোৰাংচোৱাগিৰিৰ সৈতে জড়িত থকাৰ সন্দেহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
STF-ৰ অভিযানত ধৃত লোকজনৰ পৰা মোবাইল ফোন, SIM কাৰ্ড আৰু কিছু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে।
STF-এ ৩ আৰু ৪ অক্টোবৰৰ নিশা এই অভিযান চলাইছিল। Gajraj MI, Tezpurৰ পৰা লাভ কৰা প্ৰাথমিক তথ্যৰ ভিত্তিত অভিযানটো চলোৱা হৈছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।
এই ঘটনাৰ সন্দৰ্ভত STF PS Case No. 09/2026ত অভিষেক কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে STF-এ।
অৱশ্যে, ধৃত লোকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ তদন্তৰ আওতাত আছে আৰু তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁৰ সৈতে পাকিস্তানী চোৰাংচোৱা সংস্থাৰ প্ৰকৃত সম্পৰ্ক বা অভিযোগসমূহৰ সম্পূৰ্ণ সত্যতা স্পষ্ট নহ’ব।
