হৰিণৰ নিৰাপদ আশ্ৰয়স্থলী মঘুৱাহোলা চৰণীয়া পথাৰ; ৰাজ্যৰ প্ৰথমখন গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণৰ প্ৰস্তাৱ

প্ৰকৃতি সংৰক্ষণ, ৰাইজৰ সমূহীয়া প্ৰচেষ্টা আৰু চৰকাৰী সহযোগিতাৰ এক অনন্য নিদৰ্শন হিচাপে ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ মঘুৱাহোলা চৰণীয়া পথাৰক ৰাজ্যৰ প্ৰথমখন গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণৰ বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

বৃহত্তৰ বৰদলনি অঞ্চলত অৱস্থিত মঘুৱাহোলা চৰণীয়া পথাৰখনৰ মাটিকালি প্ৰায় ১,০৪৪ বিঘা। চাৰিখন গাঁও সামৰি থকা এই বিস্তীৰ্ণ অঞ্চলটো বহু বছৰ ধৰি স্থানীয় লোকসকলৰ উমৈহতীয়া চৰণীয়া পথাৰ হিচাপে ব্যৱহৃত হৈ আহিছে। একে সময়তে ইয়াৰ সৰু অৰণ্যখন বিভিন্ন বন্যপ্ৰাণীৰো নিৰাপদ আশ্ৰয়স্থলী হিচাপে পৰিগণিত হৈছে।

বিশেষকৈ হৰিণ আৰু বনৰীয়া হাঁহকে ধৰি বিভিন্ন বন্যপ্ৰাণীয়ে এই অঞ্চলত আশ্ৰয় লৈ আহিছে। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি স্থানীয় গাঁওবাসীয়ে প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

মানুহ আৰু জীৱকুলৰ সহাৱস্থান সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্য আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে মঘুৱাহোলাক আনুষ্ঠানিকভাৱে গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ঘোষণা কৰে যে ধেমাজিৰ বৰদলনি অঞ্চলৰ মঘুৱাহোলা চৰণীয়া পথাৰক ৰাজ্যৰ প্ৰথমখন গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণ কৰাৰ বাবে বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহত্তৰ বৰদলনি অঞ্চলৰ বাসিন্দাসকলৰ প্ৰকৃতিৰ প্ৰতি থকা সজাগতা আৰু সংৰক্ষণৰ মনোভাৱৰো শলাগ লয়।

উল্লেখ্য যে, মঘুৱাহোলাৰ এই উদ্যোগে স্থানীয় ৰাইজৰ পৰম্পৰাগত প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাক এক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ লগতে মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ এক উল্লেখযোগ্য নিদৰ্শন হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ; ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে দেওবাৰে...