প্ৰসংগঃ ফ্লাইডুবাই বিমান আক্ৰমণ; ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা ডুবাইৰ ক্ৰাউন প্ৰিন্সৰ

ফ্লাইডুবাইৰ বিমানত সহ-পাইলটৰ আক্ৰমণৰ পিছতো অসীম সাহস আৰু দায়িত্ববোধেৰে সম্ভাব্য ভয়ংকৰ দুৰ্ঘটনা ৰোধ কৰা ভাৰতীয় পাইলট কেপ্টেইন স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা কৰিছে ডুবাইৰ ক্ৰাউন প্ৰিন্স শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকতুমে।

বুধবাৰে ডুবাইৰ পৰা তেল আভিভ অভিমুখে যাত্ৰা কৰা ফ্লাইডুবাইৰ FZ1073 বিমানখনত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। বিমানখনৰ ককপিটৰ ভিতৰত সহ-পাইলটে কেপ্টেইন মাচ্ছাৰৰ ওপৰত আক্ৰমণ চলায়। আক্ৰমণত পাইলটজন গুৰুতৰভাৱে আহত হয় যদিও তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আক্ৰমণকাৰীজনে ক্ৰেছ এক্স ব্যৱহাৰ কৰি বিমানখনৰ নিয়ন্ত্ৰণ লোৱাৰ চেষ্টা কৰিছিল বুলি ইউএইৰ তদন্তকাৰী কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। গুৰুতৰভাৱে আহত হৈ থকা সত্ত্বেও কেপ্টেইন মাচ্ছাৰে ককপিটৰ দুৱাৰ খুলিবলৈ সক্ষম হয়। ইয়াৰ পিছত বিমানখনৰ আন কৰ্মচাৰী আৰু যাত্ৰীসকলে আক্ৰমণকাৰীজনক নিয়ন্ত্ৰণলৈ আনে।

ঘটনাৰ সময়ত বিমানখনত মুঠ ১৭৪জন যাত্ৰী আছিল। আক্ৰমণৰ পিছত বিমানখনে জৰুৰীকালীন সংকেত প্ৰেৰণ কৰে আৰু ৩৪,০০০ ফুট উচ্চতাৰ পৰা হঠাতে প্ৰায় ১৭,০০০ ফুট তললৈ নামি আহে। পৰৱৰ্তী সময়ত বিমানখনে ছৌদি আৰৱৰ টাবুকস্থিত প্ৰিন্স ছুলতান বিন আব্দুল আজিজ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে।

টাবুকত কেপ্টেইন মাচ্ছাৰক প্ৰাথমিক জৰুৰী চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক আবুধাবীলৈ স্থানান্তৰ কৰা হয়।

কেপ্টেইন মাচ্ছাৰক চিকিৎসালয়ত সাক্ষাৎ কৰি ক্ৰাউন প্ৰিন্স হামদানে তেওঁৰ সাহসিকতাৰ প্ৰশংসা কৰে। তেওঁ কয় যে কেপ্টেইন মাচ্ছাৰে “সাহস, দায়িত্ববোধ আৰু মানৱ জীৱনৰ প্ৰতি যত্নৰ সৰ্বোচ্চ নিদৰ্শন” দাঙি ধৰিছে।

ক্ৰাউন প্ৰিন্সে লগতে কয়, ‘আমি স্মিতক লৈ গৌৰৱবোধ কৰোঁ। কেপ্টেইন স্মিতৰ সৈতে আমি আছোঁ, আমাৰ ৰাষ্ট্ৰ আছে। ফ্লাইডুবাইৰ কেপ্টেইন হিচাপে স্মিতক পোৱাটো আমাৰ সৌভাগ্য।’

ইফালে, ইউএইস্থিত ভাৰতীয় দূতাবাসে শনিবাৰে কেপ্টেইন স্মিত মাচ্ছাৰৰ স্বাস্থ্যৰ বিষয়ে সদৰী কৰে। দূতাবাসে জনোৱা অনুসৰি, তেওঁ উন্নত চিকিৎসা সেৱাৰ অধীনত আছে আৰু ক্ৰমাৎ সুস্থ হৈ উঠিছে। তেওঁৰ পৰিয়াল আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে দূতাবাসে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছে।

ভাৰতীয় দূতাবাসে কেপ্টেইন মাচ্ছাৰৰ শীঘ্ৰে আৰোগ্য কামনা কৰাৰ লগতে তেওঁক উৎকৃষ্ট চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে ইউএই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে, তদন্তকাৰী কৰ্তৃপক্ষৰ মতে, সহ-পাইলটজনে সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ চেষ্টা কৰিছিল। দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদন অনুসৰি, আক্ৰমণত জড়িত সহ-পাইলটজন ওমানৰ নাগৰিক হামাম আল-হাম্মামী।

ঘটনাটোৱে বিমানখনৰ যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিলেও কেপ্টেইন স্মিত মাচ্ছাৰৰ সাহসিকতা আৰু তৎপৰতাৰ বাবেই এক সম্ভাব্য বিপৰ্যয়ৰ পৰা ৰক্ষা পৰিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ; ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে দেওবাৰে...

হৰিণৰ নিৰাপদ আশ্ৰয়স্থলী মঘুৱাহোলা চৰণীয়া পথাৰ; ৰাজ্যৰ প্ৰথমখন গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণৰ প্ৰস্তাৱ

প্ৰকৃতি সংৰক্ষণ, ৰাইজৰ সমূহীয়া প্ৰচেষ্টা আৰু চৰকাৰী সহযোগিতাৰ এক...

ঘিলামৰাৰ মেৰবিলত শোকাৱহ নাও দুৰ্ঘটনা;তিনিজনৰ মৃত্যু

ঢকুৱাখনাৰ ঘিলামৰাত সংঘটিত হৈছে এক শোকাৱহ নাও দুৰ্ঘটনা। মেৰবিলত...

এছিয়ান গেমছত সফল সামৰণি ভাৰতৰ; ২১টা স্বৰ্ণসহ মুঠ ৮৫ পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

জাপানত অনুষ্ঠিত এছিয়ান গেমছত সফলতাৰে অভিযান সামৰিলে ভাৰতে। প্ৰতিযোগিতাৰ...