ঘিলামৰাৰ মেৰবিলত শোকাৱহ নাও দুৰ্ঘটনা;তিনিজনৰ মৃত্যু

ঢকুৱাখনাৰ ঘিলামৰাত সংঘটিত হৈছে এক শোকাৱহ নাও দুৰ্ঘটনা। মেৰবিলত এখন সৰু নাও ডুব যোৱাৰ ফলত একেটা পৰিয়ালৰ তিনিজন লোকৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, আজি পুৱা ঘিলামৰাৰ দেৱলীয়া গাঁৱৰ কেইজনমান লোক গৰু এৰাল দিবলৈ মেৰবিল পাৰ হৈ গোহাঁইবাৰীলৈ গৈছিল। এই যাত্ৰাত তেওঁলোকে ব্যৱহাৰ কৰা সৰু নাওখন মেৰবিলৰ মাজভাগত হঠাতে ডুব যায়। নাওখন ডুব যোৱাৰ ফলত পানীত পৰি তিনিজন লোক সন্ধানহীন হৈ পৰে।

এই শোকাৱহ দুৰ্ঘটনাত পানীত ডুবি মৃত্যু হোৱা লোককেইজন হৈছে ৪৫ বছৰীয়া পদ্মা দত্ত, ২২ বছৰীয়া অজিত দত্ত আৰু ১১ বছৰীয়া কণমানি মৃদুস্মিন দত্ত

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, বিগত সময়ছোৱাত মেৰবিলৰ পানী বৃদ্ধি পোৱাৰ ফলতে নাওখন দুৰ্ঘটনাত পতিত হোৱা বুলি সন্দেহ কৰা হৈছে। নাওখন ডুব যোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

পিছত স্থানীয় ৰাইজে পানীৰ পৰা তিনিওজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘিলামৰা আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটোৰ সন্দৰ্ভত প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰে।

এখন সৰু নাওত উঠি দৈনন্দিন কামৰ বাবে মেৰবিল পাৰ হ’বলৈ গৈ এনেদৰে তিনিজন লোকৰ কৰুণ মৃত্যু হোৱা ঘটনাই দেৱলীয়া গাঁও তথা সমগ্ৰ ঘিলামৰা অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ; ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে দেওবাৰে...

হৰিণৰ নিৰাপদ আশ্ৰয়স্থলী মঘুৱাহোলা চৰণীয়া পথাৰ; ৰাজ্যৰ প্ৰথমখন গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণৰ প্ৰস্তাৱ

প্ৰকৃতি সংৰক্ষণ, ৰাইজৰ সমূহীয়া প্ৰচেষ্টা আৰু চৰকাৰী সহযোগিতাৰ এক...

প্ৰসংগঃ ফ্লাইডুবাই বিমান আক্ৰমণ; ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা ডুবাইৰ ক্ৰাউন প্ৰিন্সৰ

ফ্লাইডুবাইৰ বিমানত সহ-পাইলটৰ আক্ৰমণৰ পিছতো অসীম সাহস আৰু দায়িত্ববোধেৰে...

এছিয়ান গেমছত সফল সামৰণি ভাৰতৰ; ২১টা স্বৰ্ণসহ মুঠ ৮৫ পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

জাপানত অনুষ্ঠিত এছিয়ান গেমছত সফলতাৰে অভিযান সামৰিলে ভাৰতে। প্ৰতিযোগিতাৰ...