ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ বৃহৎ জয়। ৯০ শতাংশ ভোট গণনাৰ পাছত দলটোৱে লাভ কৰিছে প্ৰায় ৫৮ শতাংশ ভোট। দ্বিতীয় স্থানত Communist Partyএ ১৩.৮৪ শতাংশ আৰু Liberal Democratic Partyএ লাভ কৰিছে ৮.৯ শতাংশ ভোট।
২০০৩ চনৰ পৰা ষ্টেট ডুমাত সংখ্যাগৰিষ্ঠতা দখল কৰি আহিছে United Russia। এইবাৰো দলটোৱে দুই-তৃতীয়াংশতকৈ অধিক আসনৰ সাংবিধানিক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে।
৪৫০ আসনৰ ষ্টেট ডুমাৰ আধা আসন দলীয় তালিকাৰ ভিত্তিত আৰু বাকী আধা একক সমষ্টিৰ পৰা নিৰ্বাচিত হয়। এইবাৰ ভোটদানৰ হাৰ ৫৭ শতাংশ।
ইফালে New People দলে ৭.৯৪ শতাংশ ভোট লাভ কৰি সংসদত প্ৰৱেশৰ ৫ শতাংশ সীমা অতিক্ৰম কৰিছে। A Fair Russiaৰ ভোট ৪.৯৫ শতাংশ হোৱাত দলটোৰ ফলাফল এতিয়াও অনিশ্চিত।
ইউক্ৰেইন যুদ্ধৰ মাজতে অনুষ্ঠিত এই নিৰ্বাচনত সকলো প্ৰতিদ্বন্দ্বী দলেই পুটিনৰ যুদ্ধ নীতিক সমৰ্থন কৰিছিল। আনহাতে ‘শান্তি আৰু স্বাধীনতা’ৰ পক্ষত প্ৰচাৰ চলাবলৈ বিচৰা Yabloko দলক দলীয় তালিকাৰ পৰা বাদ দিয়া হৈছিল।
নিৰ্বাচনৰ অন্তিম দিনটোতে ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণো সংঘটিত হয়। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দাবী অনুসৰি, ১,১১০টা ড্ৰোন ভূপতিত কৰা হয়।
