মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ ওপৰত নজৰ ৰাখিবলৈ নতুন উপগ্ৰহ উৎক্ষেপণ চীনৰ।
১৬ জুনত ছিচাং মহাকাশ কেন্দ্ৰৰ পৰা লং মাৰ্চ-৩বি ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হয় শ্বিজিয়ান-৩১ উপগ্ৰহটো।
আমেৰিকাৰ মহাকাশ পৰিস্থিতি নিৰীক্ষণকাৰী প্ৰতিষ্ঠান COMSPOCৰ মতে, উপগ্ৰহটোৱে পূৰ্বতে দেখা নোপোৱা এক বিশেষ কক্ষপথত পৰিভ্ৰমণ কৰি আছে।
ছোভিয়েট ইউনিয়নৰ শীতল যুদ্ধৰ সময়ৰ মলনিয়া কক্ষপথৰ উন্নত ৰূপ ব্যৱহাৰ কৰিছে চীনে। এই কক্ষপথৰ জৰিয়তে পৃথিৱীৰ পৰা প্ৰায় ৩৯,৮৯৬ কিলোমিটাৰ উচ্চতালৈ উঠি উপগ্ৰহটোৱে জিঅ’ষ্টেচনেৰী কক্ষপথৰ উপগ্ৰহসমূহ নিৰীক্ষণ কৰিব পাৰে।
প্ৰায় ১২.৫ ঘণ্টাত এটা পৰিক্ৰমা সম্পূৰ্ণ কৰা শ্বিজিয়ান-৩১-এ ক্ৰমাগতভাৱে নিজৰ দৃষ্টিকোণ সলনি কৰি প্ৰায় ২৩ দিনত সমগ্ৰ GEO(Geostationary Earth Orbit) অঞ্চলটো পৰ্যবেক্ষণ কৰিব পাৰে।
GEO বেল্ট (Geostationary Earth Orbit belt) হৈছে পৃথিৱীৰ বিষুৱৰেখাৰ ঠিক ওপৰত প্ৰায় ৩৫,৭৮৬ কিলোমিটাৰ (২২,২৩৬ মাইল) উচ্চতাত অৱস্থিত একক আঙঠি সদৃশ কক্ষপথ। এই কক্ষপথত থকা উপগ্ৰহসমূহে পৃথিৱীৰ ঘূৰ্ণনৰ সৈতে একে গতিত পৰিভ্ৰমণ কৰে। ফলত পৃথিৱীৰ পৰা চালে উপগ্ৰহসমূহক এটা নিৰ্দিষ্ট স্থানত স্থিৰ হৈ থকা যেন লাগে।
মহাকাশত থকা আন উপগ্ৰহৰ প্ৰযুক্তি, সক্ষমতা আৰু যোগাযোগ ব্যৱস্থা নিৰীক্ষণৰ ক্ষেত্ৰত এই উপগ্ৰহটোৱে চীনক বিশেষ সুবিধা প্ৰদান কৰিব পাৰে বুলি প্ৰকাশ পাইছে।
ভাৰতীয় বিশেষজ্ঞসকলৰ মতে, শ্বিজিয়ান-৩১-ক কেৱল এটা উপগ্ৰহ হিচাপে নহয়, চীনৰ বৃহত্তৰ মহাকাশ নিৰীক্ষণ নেটৱৰ্কৰ অংশ হিচাপেও বিবেচনা কৰা উচিত।
