কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি আনিছ উজ জামানৰ পৰলোকগমনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধানসম্পাদক দেৱজিৎ বৰাই গভীৰ শোক প্ৰকাশ কৰিছে। কবিগৰাকীৰ বিয়োগ অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ বাবে এক অপূৰণীয় ক্ষতি। নিজৰ সৃষ্টিশীল প্ৰতিভা, কবিতাৰ স্বকীয়তা আৰু সাহিত্যৰ প্ৰতি গভীৰ দায়বদ্ধতাৰে তেওঁ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ কবিতাই অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ লগতে পাঠকৰ হৃদয়তো এক বিশেষ স্থান দখল কৰি আহিছে। তেখেতৰ বিয়োগত অসম সাহিত্য সভাই এগৰাকী বিশিষ্ট কবি, সাহিত্যসেৱী আৰু সুহৃদক হেৰুৱালে। এই শোকসন্তপ্ত মুহূৰ্তত অসম সাহিত্য সভাই প্ৰয়াত কবিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেখেতৰ সাহিত্যকৃতি আৰু স্মৃতি অসমীয়া সাহিত্যৰ জগতত সদায় অম্লান হৈ থাকিব। তেখেতৰ মৃত্যুত আজিৰ দিনটোৰ বাবে অসম সাহিত্য সভাৰ পতাকা আটাইকেইটা আঞ্চলিক কাৰ্য্যালয়, প্ৰত্যকখন জিলা আৰু শাখা সাহিত্য সভাৰ কাৰ্য্যালয়ত অৰ্ধনমিত কৰি ৰখা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...