কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি আনিছ উজ জামানৰ পৰলোকগমনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধানসম্পাদক দেৱজিৎ বৰাই গভীৰ শোক প্ৰকাশ কৰিছে। কবিগৰাকীৰ বিয়োগ অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ বাবে এক অপূৰণীয় ক্ষতি। নিজৰ সৃষ্টিশীল প্ৰতিভা, কবিতাৰ স্বকীয়তা আৰু সাহিত্যৰ প্ৰতি গভীৰ দায়বদ্ধতাৰে তেওঁ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ কবিতাই অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ লগতে পাঠকৰ হৃদয়তো এক বিশেষ স্থান দখল কৰি আহিছে। তেখেতৰ বিয়োগত অসম সাহিত্য সভাই এগৰাকী বিশিষ্ট কবি, সাহিত্যসেৱী আৰু সুহৃদক হেৰুৱালে। এই শোকসন্তপ্ত মুহূৰ্তত অসম সাহিত্য সভাই প্ৰয়াত কবিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেখেতৰ সাহিত্যকৃতি আৰু স্মৃতি অসমীয়া সাহিত্যৰ জগতত সদায় অম্লান হৈ থাকিব। তেখেতৰ মৃত্যুত আজিৰ দিনটোৰ বাবে অসম সাহিত্য সভাৰ পতাকা আটাইকেইটা আঞ্চলিক কাৰ্য্যালয়, প্ৰত্যকখন জিলা আৰু শাখা সাহিত্য সভাৰ কাৰ্য্যালয়ত অৰ্ধনমিত কৰি ৰখা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...