নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান; তামাৰহাট-পৰ্বতঝোৰাত আটক ৫ ড্ৰাগছ সৰবৰাহকাৰী

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত আৰু ধুবুৰীৰ তামাৰহাটত নিশা পৃথকে পৃথকে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত পাঁচজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ সন্দেহজনক হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

তামাৰহাট আৰক্ষী বিষয়া ৰাতুল দাসৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত তামাৰহাটৰ মধ্যপেটলা গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। ধৃত লোককেইজন হৈছে মধ্যপেটলা গাঁৱৰ ইঞ্জামুল হক ওৰফে বাপ্পি, কাচাৰীগাঁৱৰ মনোৱাৰ হুছেইন আৰু বৰজান গাঁৱৰ জাকিৰ খান।

আৰক্ষীয়ে ধৃত লোককেইজনৰ পৰা চাবোনৰ বাকচসহ মুঠ ১২৩ গ্ৰাম সন্দেহজনক হেৰোইন জব্দ কৰে। আৰক্ষীৰ মতে, দীৰ্ঘদিন ধৰি তামাৰহাটৰ বিভিন্ন অঞ্চলত এই লোককেইজনে ড্ৰাগছৰ অবৈধ সৰবৰাহ আৰু বিক্ৰীৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ আছে।

ইফালে, পৰ্বতঝোৰাৰ ৰাজাপাৰা ২য় খণ্ডতো বগৰীবাৰী আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই দুজন সন্দেহজনক ড্ৰাগছ পেডেলাৰক আটক কৰে। স্কুটিৰে ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই হাফিজুৰ ৰহমান আৰু মিজানুৰ ৰহমানক আটক কৰে।

আৰক্ষীয়ে স্কুটিৰ ডিগীৰ পৰা সন্দেহজনক হেৰোইন ভৰ্তি এটা চাবোনৰ বাকচ আৰু ৩২টা কণ্টেইনাৰ জব্দ কৰে। কণ্টেইনাৰসমূহত থকা সন্দেহজনক ড্ৰাগছখিনিৰ ওজন প্ৰায় ৩৯.৩৯ গ্ৰাম, আনহাতে চাবোনৰ বাকচত থকা ড্ৰাগছখিনিৰ ওজন প্ৰায় ২৯.০৭ গ্ৰাম বুলি জানিব পৰা গৈছে।

দুয়োটা অভিযানত মুঠ পাঁচজন লোকক আটক কৰাৰ লগতে প্ৰায় ১৯১.৪৬ গ্ৰাম সন্দেহজনক হেৰোইন জব্দ কৰা হৈছে। আটকাধীন লোককেইজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

তামাৰহাট তথা পৰ্বতঝোৰা অঞ্চলত ড্ৰাগছৰ অবাধ সৰবৰাহে যুৱ প্ৰজন্মৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। ড্ৰাগছৰ কবলত পৰি বহু যুৱক-যুৱতীৰ জীৱন ধ্বংসৰ দিশে গতি কৰাৰ সময়তে আৰক্ষীৰ এনে অভিযানক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই

৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই ।...

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...