ৰাজ্যজুৰি আছুৰ ড্ৰাগছ বিৰোধী সজাগতা সমদল

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি সজাগতা সমদল উলিয়ালে সদৌ অসম ছাত্ৰ সন্থাই। আছুৰ আহ্বানত বিভিন্ন জিলাত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হয় এই ড্ৰাগছ বিৰোধী সজাগতা সমদল আৰু প্ৰতিবাদী কাৰ্যসূচী।

গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ ছহিদ ন্যাসৰ পৰা উলিয়াই সমদল। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ‍্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। হাতে হাতে প্লে কাৰ্ড লৈ ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ আছু কৰ্মীৰ।

ওদালগুৰি জিলাৰ কলাইগাঁও চহৰত প্ৰায় শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে সজাগতা সমদলত। বিভিন্ন শ্লোগানেৰে চহৰৰ আকাশ-বতাহ মুখৰিত কৰি ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে। নৱপ্ৰজন্মক ড্ৰাগছৰ কৱলৰ পৰা আঁতৰাই এখন ড্ৰাগছ মুক্ত সমাজ গঢ়ি তুলিবলৈ সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায় আছুৱে।

ইফালে তিনিচুকীয়াতো মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে জিলা ছাত্ৰ সন্থাই। ড্ৰাগছৰ ফলত জিলাখনত HIV সংক্ৰমণৰ পৰিস্থিতি উদ্বেগজনক হৈ পৰা বুলি উল্লেখ কৰি ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠনটোৱে। ড্ৰাগছৰ বেহা পুলিয়ে-পোখাই উৎখাত কৰিবলৈও দাবী জনায় তিনিচুকীয়া আছুৱে।

সোণাৰি, শিৱসাগৰ, হোজাই আৰু ডিব্ৰুগড়তো উলিওৱা হয় ড্ৰাগছবিৰোধী সজাগতা সমদল। শিৱসাগৰত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকো লগত লৈ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ। হোজাইত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে সমদলত। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা সমদলটো চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি পুনৰ বিশ্ববিদ্যালয়ৰ সন্মুখত সামৰণি পেলাই।

ডিব্ৰুগড়তো ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ চহৰৰ বিভিন্ন স্থানত সমদল উলিয়ায় ছাত্ৰ সন্থাই। আনহাতে ধুবুৰীতো ড্ৰাগছৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জিলা আছুৱে। বাছ আস্থানৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটো চহৰৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সামৰণি পৰে।

ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে ড্ৰাগছ সৰবৰাহ আৰু ব্যৱসায়ৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। সমগ্ৰ অসমক ড্ৰাগছ মুক্ত কৰি নৱপ্ৰজন্মক এই মাৰাত্মক নিচাৰ পৰা ৰক্ষা কৰাৰ বাবেও চৰকাৰ আৰু প্ৰশাসনক অধিক কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছলৈ অসমৰ ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহ

এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিব অসমৰ অমৰজিতে।...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ মাহজোৰা আয়োজনৰ আনুষ্ঠানিক নিৰ্দেশনা অসম চৰকাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে...

লাডাখৰ বাবে নতুন সাংবিধানিক ব্যৱস্থা! কি আছে প্ৰস্তাৱিত Article 371(K)ত?

লাডাখৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমি-সংস্কৃতিৰ সুৰক্ষাক লৈ কেন্দ্ৰই আগবঢ়াইছে...

অগ্নিবীৰক লৈ ‘হানী ট্ৰেপ’ৰ আশংকা; পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ

অগ্নিবীৰসকলক লৈ বৃদ্ধি পাইছে ‘হানী ট্ৰেপ’ৰ আশংকা। পাকিস্তানৰ আই...